মাজবাটত ভাং সহ যুৱকক আটক

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২৪ ছেপ্টেম্বৰ ২০ঃ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত বাহাদুৰ আদৰ্শ গাঁৱৰ টানিং বজাৰৰ সমীপত আজি পুৱতি নিশা এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ভাং সহ যুৱক এজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ আৰু এছ আই ৰোহিত কুমাৰ চেত্ৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বাহাদুৰ আদৰ্শ গাঁৱৰ টানিং বজাৰৰ সমীপত খাপ পিটি ৰৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা এ এছ-০১ একিউ ১০২৬ নম্বৰৰ বগা ৰঙৰ আইটেন গাড়ী এখন ৰখাবলৈ কোৱাত গাড়ীখন তীব্ৰ বেগেৰে গৈ পথাৰত বাগৰি পৰে।

আৰক্ষীৰ দলে লগে লগে গাড়ীখনৰ ওচৰত গৈ গাড়ীখনৰ পৰা ২৫ বেগ ভাং সহ যুৱক এজনক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা যুৱকজন ৩ নং ধনশ্ৰী বগৰীবাৰী গাঁৱৰ হনেশ্বৰ বসুমতাৰীৰ পুত্ৰ নিতুল বসুমতাৰী(৩৯)বুলি জানিব পৰা গৈছে।

জব্দ কৰা ভাংখিনি এক কুইন্টল ত্ৰিশ কেজি আৰু আনুমানিক বজাৰ মূল্য ছয় লাখ বুলি জানিব পৰা গৈছে।

ইতিমধ্যেই আৰক্ষীয়ে উক্ত যুৱক জনৰ বিৰুদ্ধে ৭৮/২০২০ নম্বৰত কেছ ৰুজু কৰি আদালতত হাজিৰ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here