মহানগৰ বাসী সচেতন নহ’লে কৃত্ৰিম বানৰ সমস্যা সমাধান অসম্ভৱ

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৪ ছেপ্টেম্বৰ ২০ঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ বাবেই সঘনাই চৰকাৰ তথা বিভাগীয় বিষয়াক গালি পৰা নতুন কথা নহয় ৷

কিন্তুু মহানগৰবাসী ৰাইজনো কৃত্ৰিম বানক লৈ কিমান সচেতন ?সেয়াও আজি এক এৰাই যাব নোৱৰা প্ৰশ্ন।

প্লাষ্টিকজাত সামগ্ৰী কৃত্ৰিম বানপানীৰ এটা কাৰণ হ’ব পাৰে৷ প্লাষ্টিকৰ বটলেৰে নলাসমূহ বন্ধ হোৱাৰ ফলত পানী সময়ত ওলাই যাব নোৱৰাৰ বাবেই কৃত্ৰিম বান হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷

তেনেস্থলত মহানগৰ বাসী ৰাইজ কিমান সচেতন সেয়া এক ডাঙৰ প্ৰশ্ন৷

আজি মহানগৰীৰ চানমৰিৰ দুৰ্গা মন্দিৰৰ সমীপৰ মূল পথচোৱাৰ মাত্ৰ ৫০ ফুট নলা পৰিস্কাৰ কৰাৰ পিছত দেখিবলৈ পোবা গ’ল দমে দমে প্লাষ্টিকৰ বটল ৷

এনেদৰে দমে দমে প্লাষ্টিকৰ বটলৰে পোত গৈ আছে মহানগৰীৰ বিভিন্ন নলা নৰ্দমা৷ যাৰ ফলত যথা সময়ত পানী ওলাই যাব নোৱাৰে৷

সেইবাবেই এজাক মুষলধাৰ বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয়৷ কিন্তু ইয়াৰ বাবেই অকল চৰকাৰ তথা গুৱাহাটী পৌৰনিগম লগতে জিলা প্ৰশসনেই জগৰীয়া নেকি?

মহানগৰীৰ বাসিন্দা হিচাপে প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব আছে৷

তেনেস্থলত এনেকৈ যদি নিজৰ ঘৰ পৰিস্কাৰৰ স্বাৰ্থত নলাসমূহ প্লাষ্টিকৰ সামগ্ৰীৰে ভৰাই পেলাই, তেতিয়া হয়তো এনেকৈয়ে বাৰে বাৰে কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিব মহানগৰ বাসী সেয়া নিশ্চিত৷

ইয়াৰ বাবেই অকল চৰকাৰে সমস্যাটো যে সমধান কৰিব নোৱাৰিব সেয়া জনসাধৰণেও বুজি পোৱা উচিত৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here