নলবাৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা,২৫ ছেপ্টেম্বৰ ২০ঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ২৪ ছেপ্টেম্বৰত নলবাৰী চহৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদী ৰেলী কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নলবাৰী চহৰ কঁপাই তোলে।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদ, সহ সাধাৰণ সম্পাদক ফণীধৰ বৰুৱাকে ধৰি বিভিন্ন আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here