ৰঙীন অনুভৱেৰে জীপাল চিন্তামুক্ত শান্তিৰ বতৰা কঢ়িয়াই অনা যোগঃ আত্মানুভূতি বা আত্ম-জ্ঞান কি? আত্ম-জ্ঞান বা ব্ৰহ্ম-জ্ঞান প্ৰাপ্তি কেনেকৈ সম্ভৱ?

0
28

(খণ্ড–৪)

                                         

✍️ৰেখামণি দাস
  চামগুৰি, নগাঁও

মাৰ এই নশ্বৰ স্থূল শৰীৰৰ মূল চালিকাশক্তি ৰূপী সুক্ষ্মাতিসুক্ষ্ম নিশ্চয়াত্মক শৰীৰৰ অন্তৰংগ অনুভৱ বা জ্ঞানেই আত্মানুভূতি বা আত্ম-জ্ঞান।

জীৱনকালৰ তথা জীৱনোপৰান্ত ফলপ্ৰাপ্তিৰ ক্ষেত্ৰত এই আত্মানুভূতি বা আত্ম-জ্ঞানৰ প্ৰয়োজনীয়তা অসীম।যি ব্যক্তিৰ এই অনুভূতি লাভ হৈছে, তেওঁৰ আৰু অন্য একোৰে প্ৰাপ্তিৰ আৱশ্যকতা নাথাকে। ইহলোক আৰু পৰলোকৰ বাবে তেওঁ সকলো সম্ভৱপৰেই প্ৰাপ্ত কৰে।এই ক্ষেত্ৰত কোনো সন্দেহ নাই।

তাৰোপৰি ইয়াৰ আন এটি অত্যাৱশ্যকীয় দিশ এয়ে যে আত্মানুভূতি বা আত্ম-জ্ঞান সম্পন্ন লোকে জীৱনত কেতিয়াও হতাশা-নিৰাশা, উচ্চাকাংক্ষা,উদাসীনতা,ঈৰ্ষান্ধতা,আক্ৰামকতা,আনৰ অহিত চিন্তা,লোলুপতা,প্ৰৱঞ্চকতা আদিৰ নিচিনা নীচাত্মক ভাৱধাৰা আৰু ঘৃণনীয়তাৰ চিকাৰ হ’ব লগা নহয়।

জীৱনৰ পৰিস্থিতি যেতিয়াই যেনেকুৱাই নহওঁক কিয় তেওঁ তাৰ মুখামুখি অতি স্বাভাৱিক ভাৱেই কৰিব পৰাৰ লগতে জীৱনটোকো অনায়াসে উদ্দেশ্য প্ৰণোদিতভাৱে এটি আদৰ্শৰ পথেৰেই সদা সফলভাৱে আগৱঢ়ায় লৈ যোৱাৰ সক্ষমতা ৰাখে।

গতিকে যদি ভালদৰে চাবলৈ যোৱা হয় তেতিয়াহ’লে জীৱনৰ বাবে সকলোতকৈ প্ৰয়োজনীয় বস্তুটোৱে হ’ল, আত্মানুভূতি বা আত্ম-জ্ঞান লাভ।

সেয়ে আমাৰ বাবে আৱশ্যক যে আমি যেন সময় থাকোঁতেই আত্মানুভূতি বা আত্ম-জ্ঞান লাভৰ ফালে ধাৱিত হওঁ আৰু ইহকাল আৰু পৰকাল দুয়োকালৰ বাবেই অমূল্য সম্পদৰ অধিকাৰী হৈ পৰো…।।

কিন্তু এই অমূল্য সম্পদ প্ৰাপ্তিৰ ক্ষেত্ৰত এটি প্ৰশ্নচিহ্ন আছে যে ইয়াৰ প্ৰাপ্তি কেনেকৈ সম্ভৱ? হয়, ইয়াৰ প্ৰাপ্তি এনেকুৱা নহয় যে কাৰোবাৰ হাতত যথেষ্ট ধন-সোণ আছে আৰু আমি যিমান পাৰো সিমান মূল্যৰ বিনিময়ত এই সম্পদ কিনি আনো।

ই অমূল্য, ইয়াক কোনো মূল্যৰ বিনিময়তে কিনিব পৰা বস্তু নহয়।ই হ’ল পূৰ্ণতয়া শ্ৰদ্ধা-ভক্তি,সদ্ভাৱাপন্ন আৰু প্ৰেমময় ভাৱৰ দ্বাৰা লাভ কৰিব পৰা এবিধ অতি পৱিত্ৰ সম্পদ।

যাক এবাৰ মাত্ৰ লাভ কৰা মাত্ৰকে প্ৰাণী নিঃসন্দেহেৰে হৈ পৰে স্বৰ্গীয় প্ৰতিপত্তিশালী সম্পদৰ অধিকাৰী…। তাৰবাবে লাগিব মনত প্ৰৱল ভগৱান ভক্তিৰ আকাংক্ষা।

কিন্তু তেওঁৰ মন সকলোৰে প্ৰতি পৱিত্ৰ ভাৱেৰে উপচি থকাটো নিতান্তই আৱশ্যক। আনৰ অহিত চিন্তাৰে ভগৱানৰ প্ৰতি ৰখা শ্ৰদ্ধাত ভগৱান কেতিয়াও সন্তুষ্ট নহয়।

গতিকে মন সকলোৰে বাবে শুদ্ধ ৰাখিব নোৱৰা লোকসকলে অতি হৰি ভক্তিৰ পথেৰেও আত্মানুভূতি বা আত্ম-জ্ঞান লাভৰ দৰে পৱিত্ৰতা অনুভৱ কৰিব পৰাটো অসম্ভৱ।

ইয়াৰ পূৰ্ণ প্ৰাপ্তিৰ বাবে সকলোকে নিজৰ স্থানত ৰাখিব পৰাটো অতি মহত্বপূৰ্ণ।তেনে পৱিত্ৰ মনতহে সুন্দৰতাৰ উদ্ভৱ হোৱাটো সম্ভৱ।

‌গতিকে এই আত্মানুভূতি বা আত্ম-জ্ঞান লাভৰ বাবে প্ৰথমে মনৰ পৱিত্ৰতাৰে সদা ভগৱান ভক্তিত মনক মজি ৰাখি যথাসম্ভৱ প্ৰতিদিন,প্ৰতিক্ষণ গংগাজলৰূপী ভগৱান ভক্তিৰ পৱিত্ৰ জলেৰে স্নান কৰিব লাগে।

গংগাজলৰূপী সেই পৱিত্ৰ ভক্তিৰ প্ৰভাৱত সূক্ষ্ম তন্মাত্ৰ ৰূপ,ৰস,গন্ধ, স্পৰ্শ আৰু শব্দৰ স্থূলৰূপ আকাশ,বায়ু,পানী,মাটি আৰু অগ্নি_এই পঞ্চ মহাভূতেৰে নিৰ্মিত ইহকাল পৰিত্ৰাণৰ নিমিত্তে পাৰ্থিৱ সংসাৰৰ অমূল্য অৱদান স্বৰূপ এই স্থূল শৰীৰৰ অৱস্থিতিৰ পৰা ব্যক্তিয়ে ক্ৰমান্বয়ে ওপৰলৈ গতি কৰিবলৈ আৰম্ভ কৰে, যি গতিৰ পৱিত্ৰতা আৰু সুন্দৰতাই পৰম দিব্য স্বৰূপৰ পৰা উদ্ভূত প্ৰকৃতিৰ স্বত্ব:,ৰজ:,তম:-এই ত্ৰিগুণৰ দ্বাৰা উৎপন্ন মন, বুদ্ধি আৰু অহংকাৰৰ বহু ওপৰত প্ৰতিষ্ঠিত আত্মানুভূতি বা আত্ম-জ্ঞান লাভ কৰায় আৰু এই আত্ম জ্ঞান লাভেই ব্যক্তিক সমস্ত সৃষ্টিৰ মূল পৰম দিব্য স্বৰূপৰ জ্ঞান বা ব্ৰহ্ম-জ্ঞান প্ৰাপ্ত কৰায়।
[ এই লেখা অতি সহজেই সকলোৱে বুজিব পৰাকৈ আমাৰ দ্বাৰা যতকিঞ্চিত লিখিবলৈ প্ৰয়াস কৰা হৈছে যদিও লেখাটোৰ বিষয়-বস্তুৰ এটি স্বচ্ছ ধাৰণাৰ বাবে “ৰঙীন অনুভৱেৰে জীপাল চিন্তামুক্ত শান্তিৰ বতৰা কঢ়িয়াই অনা যোগ : (খণ্ড-২ : অন্তৰ্মন আৰু দিব্য চেতন সত্বা)” বিশেষ দ্ৰষ্টব্য ]

গতিকে আহক আমি আত্মানুভূতি অৰ্থাৎ আত্ম-জ্ঞান বা ব্ৰহ্ম-জ্ঞান প্ৰাপ্তিৰ দৰে এনে অনমোল ৰতন লাভৰ বাবে সদা হৰি ভজনত নিমজ্জিত হৈ পৰো আৰু সেই হৰি ভজনৰ পৱিত্ৰ জলধাৰাৰে মিতিৰ-কুটুম্ব সহ আমাৰ সমগ্ৰ জীৱন কাল স্বৰ্গীয় দিব্য পুষ্পৰ সুমধুৰ সুবাসেৰে সজাওঁ আৰু জীৱনোপৰান্ত স্বৰ্গতকৈও শ্ৰেষ্ঠ শ্ৰীকৃষ্ণৰ (শ্ৰীবিষ্ণুৰ) নিবাসস্থান অনন্তধাম প্ৰাপ্তিৰ যোগ্যতা অৰ্জন কৰোঁ!

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here