ৰঙীন অনুভৱেৰে জীপাল চিন্তামুক্ত শান্তিৰ বতৰা কঢ়িয়াই অনা যোগঃ উষ্ট্ৰাসন

0
186

(খণ্ড–৫)

                                         

✍️ৰেখামণি দাস
  চামগুৰি, নগাঁও

উষ্ট্ৰাসনঃ এটি মহত্বপূৰ্ণ যোগাভ্যাস

ষ্ট্ৰাসন শব্দটোৰ উৎপত্তি সংস্কৃত শব্দ ‘উষ্ট্ৰ’ ৰ পৰা হৈছে। সংস্কৃত ‘উষ্ট্ৰ’ শব্দৰ অৰ্থ হ’ল– উট ।

এই আসনটোৰ পূৰ্ণ স্থিতিত শৰীৰটোৱে একপ্ৰকাৰ উটৰ আকৃতি লয় বাবে এই আসনটোৰ নাম উষ্ট্ৰাসন।সু-স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বহি কৰা যোগাভ্যাস সমূহৰ ভিতৰত উষ্ট্ৰাসন এটি অতি মহত্বপূৰ্ণ যোগাভ্যাস।

এই আসনটোৰ সঠিক আৰু প্ৰণালীবদ্ধভাৱে কৰা অভ্যাসে খং-ৰাগ, দ্বেষকে আদি কৰি বিভিন্ন শাৰীৰিক সমস্যাক দূৰতে বিদুৰ কৰি ব্যক্তিক বাৰ্ধক্যগ্ৰস্ততাৰ পৰা মুক্তি প্ৰদান কৰে।

উষ্ট্ৰাসন কৰাৰ অভ্যাস বিধিঃ-

প্ৰথমে স্বচ্ছ আৰু সুস্থ বাতাবৰণত যোগাসন কৰাৰ বাবে উপযোগী এখন আসনত

 বজ্ৰাসনত উপবিষ্ট হ’ব লাগে।হাতৰ তলুৱা তলমুৱাকৈ উৰু বা আঁঠুৰ ওপৰত ৰাখিব লাগে।

দ্বিতীয়তে, আঁঠুৰ ওপৰত থিয় হৈ অৰ্থাৎ অৰ্ধদণ্ডায়মান স্থিতিত থিয় হৈ হাতদুখন সন্মুখৰ ফালে প্ৰসাৰিত কৰি সন্মুখত দৃষ্টি নিৱন্ধ ৰাখিব লাগে আৰু ভৰি দুখন ভূ-পৃষ্ঠৰ সমান্তৰাল হোৱাকৈ লগলগাই ৰাখিব লাগে। হাতদুখন সন্মুখলৈ প্ৰসাৰিত কৰাৰ সময়ত মন কৰিব লাগে যাতে হাতদুখন কান্ধৰ সমান্তৰালকৈ থাকে।

তৃতীয়তে, উশাহ লৈ লৈ হাত ওপৰলৈ উঠাই পিছত উশাহ এৰি এৰি মূৰটো সাধ্যানুসৰি ৰাজহাড়ত ভাঁজ কৰি লাহে পিছলৈ নিব লাগে আৰু সোঁহাতেৰে সোঁভৰিৰ আঙুলিত আৰু বাওঁহাতেৰে বাওঁ ভৰিৰ আঙুলিত ধৰিব লাগে। এই স্থিতিত অনাহত চক্ৰ অৰ্থাৎ হৃদয় চক্ৰ সম্পূৰ্ণ ৰূপত খোল খাই বক্ষস্থল ওপৰলৈ উঠাৰ লগতে বক্ষস্থলৰ পৰা দেহৰ ওপৰৰ আৰু তলৰ অংশ তললৈ নামি দেহটোক একপ্ৰকাৰ উটৰ আকৃতি প্ৰদান কৰে।

 

প্ৰথমাৱস্থাত এই স্থিতিত ৫/১০ ছেকেণ্ডকৈ উশাহ বন্ধ ৰাখি আসনটো ১/২ চক্ৰ কৰিব লাগে। পিছলৈ অভ্যস্ত হ’লে ১০/১৫ ছেকেণ্ডকৈ উশাহ বন্ধ ৰাখি ৪/৫ চক্ৰ কৰিব লাগে।

চতুৰ্থতে, উশাহ লৈ লৈ পুনৰ অৰ্ধদণ্ডায়মান অৱস্থালৈ ঘূৰি আহিব লাগে আৰু এয়াই আসনটোৰ এক চক্ৰ হোৱা বুজায়।আসনটো কৰোঁতে এইটো মন কৰিব লাগে যাতে ডিঙি বা ৰাজহাড়ত কোনো ধৰণৰ অসুবিধা নহয়।

 

বিশেষ ভাৱে উল্লেখনীয় যে যোগাসন সদায় প্ৰশিক্ষণ প্ৰাপ্ত আৰু অভিজ্ঞ যোগ বিশেষজ্ঞৰ নিৰ্দেশনাতহে কৰা উচিত।

 

লাভঃ-

এই আসনটোৰ অভ্যাসে মেৰুদণ্ডসংলগ্ন মাংসপেশী,স্নায়ু-তন্তু সমূহ সবল আৰু সতেজ কৰি দেহটোক বাৰ্ধক্যগ্ৰস্ততাৰ কৱলৰ পৰা মুক্ত ৰাখে, পিঠিৰ নিম্নাংশৰ বিষৰ উপশম কৰাৰ উপৰিও কান্ধ আৰু ডিঙিৰ অৱসাদ দূৰ কৰি ব্যক্তিক সতেজতা প্ৰদান কৰে।

তাৰোপৰি ইয়াৰ অভ্যাসত অনাহত অৰ্থাৎ হৃদয় চক্ৰ পূৰ্ণ ৰূপত খোল খোৱা বাবে বক্ষস্থল সুস্থ-সবল আৰু সুন্দৰ হৈ উঠে; সেয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰি ইয়াক হৃদৰোগীসকলৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি।

তাৰোপৰি ইয়াৰ অভ্যাসত বস্তি স্নায়ু সমূহ শক্তিশালী হৈ উঠে বাবে কোষ্ঠবদ্ধতাৰ নিচিনা তিক্ততাদায়ক ৰোগৰ পৰাও আৰোগ্য লাভ কৰিব পৰা যায়।

ইয়াৰ দ্বাৰা হজম শক্তি, চকুৰ দৃষ্টিশক্তি, শাৰীৰিক আৰু মানসিক সহন শক্তি বৃদ্ধি হয়। ই ব্ৰহ্মচৰ্য ৰক্ষাতো যথেষ্ট পৰিমাণে সহায় কৰে, উৰু আৰু পেটৰ অনাৱশ্যকীয় চৰ্বি কমায়, উদৰ গহ্বৰীয় আভ্যন্তৰংগসমূহত ৰক্ত সঞ্চালন বৃদ্ধি কৰি সেইবোৰক সুস্থ-সবল কৰি তোলাৰ উপৰিও মহিলাৰ মাহেকীয়াৰ সময়ত দেখা দিয়া সমস্যাসমূহ নিৰাময় আৰু পুৰুষৰো যৌন সম্বন্ধীয় ৰোগ নিৰ্মূলত বিশেষ সহায়ক হয়।

সাৱধানতাঃ-

এই আসনটো গৰ্ভাৱস্থাত,অষ্ট্ৰোপচাৰকে আদি কৰি পেটৰ বিভিন্ন সমস্যা আৰু হাৰ্নিয়া আদি ৰোগীসকলে কৰাটো অনুচিত।

আনহাতে ডিঙিৰ সমস্যাত ভূগা লোক, হৃদৰোগী, উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপৰ সমস্যা থকা ব্যক্তিসকলে এই আসনটো যথেষ্ট সাৱধানতা পূৰ্বক কৰাটো বাঞ্ছনীয়।

সেয়ে যোগাভ্যাস সদায় প্ৰশিক্ষণ প্ৰাপ্ত অভিজ্ঞ যোগ বিশেষজ্ঞৰ ওচৰতহে তেওঁৰ নিৰ্দেশনা মতে কৰা উচিত। কাৰণ প্ৰতিজন মানুহৰ শাৰীৰিক গঠন বা সমস্যা বেলেগ বেলেগ; গতিকে যদিহে যোগশিক্ষকজন প্ৰশিক্ষণ প্ৰাপ্ত আৰু অভিজ্ঞ হয়, তেন্তে তেওঁ বুজিব যে কোন জন ব্যক্তিক কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ কোনটো আসন কেনেকৈ কৰাই ব্যক্তিজনক আসনটোৰ সুফল লাভ কৰাব পাৰি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here