লোকসভাত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰসংগ উত্থাপনঃ সাংসদ দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

0
32

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ বাবে চৰকাৰক বাৰম্বাৰ আহ্বান জনাই আহিছে। ফাউণ্ডেশ্যনে ২০১৭ বৰ্ষৰে পৰা সমগ্ৰ দেশতে একাধিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। যোৱা ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ ১৬২ খন জিলাৰ পৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

ফাউণ্ডেশ্যনৰ উত্তৰ-পূব প্ৰান্তয়ো এই লৈ যথেষ্ট কাম কৰিছে। যোৱা ১০ আগষ্টত অসমৰ গুৱাহাটীত এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূব ভাৰতত ফাউণ্ডেশ্যনৰ জনজাগৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়। এতিয়ালৈকে অসম আৰু উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহৰ অতিকমেও ২০ খন জিলাত ফাউণ্ডেশ্যনৰ কাম আৰম্ভ হৈছে। অনাগত সময়ত উত্তৰ-পূব ভাৰতৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ যো-জা চলাই থকা হৈছে। আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এই বিষয়ে এখন আলোচনাচক্ৰও অনুষ্ঠিত কৰিবলৈ যো-জা চলাই থকা হৈছে।

ইয়াৰ মাজতে লোকসভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ফাউণ্ডেশ্যনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিবলৈ দাবী উত্থাপন কৰে। সাংসদ শইকীয়াই সদনত স্পষ্টকৈ কয় যে কাশ্মীৰৰ পিছতে ভাৰতৰ ভিতৰতে অসমেই হৈছে এনে এখন ৰাজ্য য’ত মুছলমানৰ সংখ্যা অধিক। ৰাজ্যখনৰ একাধিক সমষ্টিত জনগাঁঠনিৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ কথাও সদৰী কৰে সাংসদগৰাকীয়ে।

ইয়াৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত ভয়াৱহ সমস্যাৰ উদ্ভৱ হ’ব বুলিও আশংকা ব্যক্ত কৰে সাংসদ শইকীয়াই। ‘অসমত ৩৪ শতাংশ মুছলমান লোক আছে। ২০২১ চনৰ লোকপিয়লত এই সংখ্যা ৩৫ শতাংশতকৈও অধিক হ’ব পাৰে। আৰু এটা তথ্য হৈছে অসমৰ ১২৬টা সমষ্টিৰ ৮৬ টা সমষ্টিতে মুছলিম ভোটাৰৰ সংখ্যা ২০ হাজাৰতকৈয়ো অধিক বাঢ়িছে। এই তথ্য যথেষ্ট উদ্বেগজনক। সেয়ে আমি সকলোৱে মিলি এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰস্তুত কৰাৰ সময় আহি পৰিছে।’-এইদৰে সংসদত বলিষ্ঠ ভাষাৰে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰে মঙলদৰৈ সাংসদ দিলীপ শইকীয়াই।

কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ন কৰিবলৈ আহ্বান জনোৱা উত্তৰ পূৱ ভাৰতৰ প্ৰথম গৰাকী সাংসদ দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে। অনাগত সময়ত সাংসদ শইকীয়াৰ আহ্বানে বাস্তৱ ৰূপ লাভ কৰিব বুলিও ফাউণ্ডেশ্যনে আশা ব্যক্ত কৰিছে।

এক বিবৃতিত ফাউণ্ডেশ্যনৰ উত্তৰ-পূব প্ৰান্তৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেই কয় যে দেশ তথা ৰাজ্যৰ মংগলৰ বাবে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ স্বাৰ্থত আৰু একাধিক কাম কৰি যাবলৈ ফাউণ্ডেশ্যনৰ প্ৰতিজন সদস্য দৃঢ় প্ৰতিজ্ঞ। জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই সাংসদ দিলীপ শইকীয়াৰ পথৰে সকলো সাংসদকে ৰাষ্ট্ৰৰ হিতৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here