প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা,২৬ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰৰ লােকপিয়ল বিভাগৰ প্রাক্তন সঞ্চালক, ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া নগেন্দ্র নাথ দত্তই বার্ধক্যজনিত অসুস্থতাত মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ২৫ ছেপ্টেম্বৰৰ পুৱতি নিশা এক বজাত ইহলীলা সম্বৰণ কৰে।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ।
১৯৩২ চনত নলবাৰীৰ ওচৰৰ গুৱাকুছি গাঁওত জন্মগ্রহণ কৰা দত্তই নলবাৰী কলেজত শিক্ষা গ্রহণ কৰিছিল।
মেধাবী ছাত্র হিচাপে নাম থকা শ্রীদত্তই শিক্ষা সমাপ্ত কৰি উঠিয়েই অসম লােকসেৱা আয়ােগৰ পৰীক্ষাৰ যােগেৰে অসম প্রশাসনীয় সেৱাত যােগদান কৰে আৰু অসমৰ বিভিন্ন ঠাইত বিভিন্ন পদত কার্যনির্বাহ কৰে।
পাচত তেওঁ ভাৰতীয় প্রশাসনীয় সেৱালৈ নির্বাচিত হয় আৰু অসমৰ বাহিৰতাে কার্যনির্বাহ কৰে।
শেষত লােকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ছাত্ৰ অৱস্থাৰে পৰা বিভিন্ন বিষয়ত অধ্যয়ন কৰা নগেন্দ্র নাথ দত্তই এটা সময়ত কনকসেন ডেকা সম্পাদিত পষেকীয়া অগ্রদূত কাকতত বিভিন্ন বিষয়ৰ ভালেমান প্রৱন্ধ প্ৰকাশ কৰিছিল।
পৰবৰ্তী কালত প্রান্তিক, ৰংঘৰ আদি আলােচনীতাে সুলিখিত প্রৱন্ধ ৰচনাৰে পাঠকৰ দৃষ্টি আকর্ষণ কৰিছিল।
ইংৰাজী আৰু অসমীয়া দুয়ােটা ভাষাতে বুৎপত্তি থকা দত্তই শীলভদ্ৰৰ ‘আগমণিৰ ঘাট’ উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছিল।
তেখেতে চাৰ এডৱিন আৰনল্ডৰ লাইট অৱ এচিয়াখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু পাঠকৰ দ্বাৰা সমাদৃত হৈছিল।
প্রখ্যাত্ ৰহস্য সাহিত্যিক প্রেমনাৰায়ণৰ জন্মশতবৰ্ষত তেখেতে লেখকগৰাকীৰ এখন বিস্তৃত জীৱনী প্রণয়ন কৰিছিল আৰু মণিমানিক প্রকাশে তাক প্রকাশ কৰি উলিয়াইছিল।
বিজ্ঞাপন গুৰু হিচাপে খ্যাত আলেক পদমছীৰ ‘এ ডাবল লাইফ’ গ্রন্থখন তেওঁ অনুবাদ কৰিবলৈ হাতত লৈছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে কৰা হৈ নুঠিলগৈ।
গুৱাহাটীৰ ভাস্কৰ নগৰৰ স্থায়ী বাসিন্দা শ্রীদত্তই মৃত্যুৰ সময়ত পত্নী চন্দ্রপ্রভা দত্ত আৰু দুই পুত্ৰ আৰু নাতি-নাতিনীক এৰি থৈ গৈছে।