অসম আৰু ত্ৰিপুৰাৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মহিলা মৰ্চাৰ নতুন অধ্যক্ষ আৰু সংযোজক ঘোষণা

0
32

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৩০ ছেপ্টেম্বৰ ২০ঃ জনসংখ্যাৰ ক্ষেত্ৰত চীনৰ পিছতে ভাৰতৰ স্থান৷ চীন দেশত কেতিয়াবাই জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ বিপৰীতে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত এতিয়াও জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইন এখন প্ৰণয়ন নোহোৱাটো অতি অদূৰদৰ্শী তথা পৰিতাপৰ বিষয়৷

সেই লক্ষ্য আগত ৰাখি ‘জনসংখ্যা সমাধান ফাউণ্ডেশ্যন”ৰ স্থাপনা ২০১৭ চনত কৰা হৈছিল। ইয়াৰ উদেশ্য আন আন দাবীৰ লগতে সকলোৰে বাবে দুটি সন্তান নীতি নিৰ্ধাৰণ কৰা লগতে কঠোৰ ‘জনসংখ্যা নিয়ন্ত্ৰণ আইন’খন প্ৰণয়ণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আন্দোলন গঢ়ি তোলা।

ৰাইজৰ মাজত এই আইনখনৰ প্ৰয়োজনীয়তা আৰু সজাগতা সৃষ্টিৰ বাবে ‘জনসংখ্যা সমাধান ফাউণ্ডেচন’এ দেশৰ প্ৰতিখন ৰাজ্যতে সাংগঠনিক বিস্তাৰ কৰিছে৷

লেখিকা তথা সমাজসেৱিকা মঞ্জিৰা ডেকা

মঙ্গলবাৰে অসম প্ৰান্তৰ পৰা পৰা মহিলা মৰ্চাৰ বাবে বৰ্তমান গুৱাহাটী নিবাসী সুগায়িকা, লেখিকা তথা সমাজসেৱিকা ৰুবী সিংহক ফাউণ্ডেচনৰ তৰফৰ পৰা অধ্যক্ষ হিচাপে আৰু লেখিকা তথা সমাজসেৱিকা যোৰহাট নিবাসী মঞ্জিৰা ডেকাক সংযোজক হিচাপে নিযুক্তি দিয়া হৈছে৷

আনহাতে উত্তৰ পূৱ ভাৰতৰ অন্যতম ৰাজ্য ত্ৰিপুৰাৰ মহিলা শাখাৰ অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হৈছে জয়শ্ৰী দেৱ বৰ্মাক।

‘জনসংখ্যা সমাধান ফাউণ্ডেচন’ৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ অধ্যক্ষ বন্দনা ত্যাগী আৰু সংযোজক মমতা চেহগাল স্বাক্ষৰিত এক ঘোষণা পত্ৰত এই নিযুক্তি প্ৰকাশ হৈছে। এই নিযুক্তিৰ বাবে ফাউণ্ডেশ্যনৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোজক লালজী সোণাৰী আৰু সম্পৰ্ক প্ৰমুখ ড৹ শুভজিত চৌধুৰীয়ে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

অনাগত দিনত জনসংখ্যা বিস্ফোৰণৰ পৰা উত্তৰ পূৱ ভাৰত তথা অসমক ৰক্ষা কৰিবলৈ ‘জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে সমগ্ৰ দেশজুৰি চলোৱা সজাগতা অভিজানক আজিৰ এই ঘোষণাই অধিক সবল কৰিব বুলি ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেই আজি গুৱাহাটিত মন্ত্যব প্ৰকাশ কৰিছে বুলি অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমুখ ঈপ্সিতা বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here