অভিযুক্ত ৩২ জনকেই চিবিআই বিশেষ আদালতৰ নিৰ্দোষী ঘোষণা

0
6

প্ৰাগডেস্ক, ৩০ ছেপ্টেম্বৰ ২০ঃ ১৯৯২ বাবৰী মছজিদ ধ্বংসৰ কেছটোৰ আজি এক বিশেষ আদালতে বহুল প্রতীক্ষিত ৰায় প্রদান কৰিছে।

ৰায় ঘোষণাৰ সময়ত বিচাৰেক কৈছিল যে বাবৰী মছজিদ ধ্বংস ধ্বংস পূর্ব পৰিকল্পিত নাছিল। ইয়াত কোনো ষড়যন্ত্ৰৰ আভাস পোৱা নাযায়৷

তাৰ কোনো চূড়ান্ত প্রমাণ পোৱা যোৱা নাই৷ পৰ্যাপ্ত সাক্ষীৰ অভাৱত অভিযুক্ত ৩২ জনকেই আদালতে নিৰ্দোষী ঘোষণা কৰে।

আদালতৰ এই ৰায়ক মুৰুলী মনোহৰ যোশীয়ে এক ঐতিহাসিক ৰায় বুলি অভিহিত কৰিছে৷ তেওঁ আৰু কয় যে এই ৰায়ে এইটো প্ৰমাণ কৰিলে যে ৬ ডিচেম্বৰৰ আমাৰ কাৰ্যসূচীত আৰু ৰেলী কোনো ষড়যন্ত্ৰৰ অংশ বিশেষ নাছিল৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here