শিল্প সাধনাত ব্ৰতী এগৰাকী চিত্ৰ শিল্পী ৰিদিপ বৰুৱা

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২ অক্টোবৰ ২০ঃ জীৱন আৰু জিজ্ঞাসাৰ অন্তৰালত সপোনৰ ৰং সিঁচি সুন্দৰৰ প্ৰতীক চিত্ৰশিল্পৰ সাধনাত একাগ্ৰচিত্তে ব্ৰতী হৈ জীৱনৰ সাধনা কৰা ৰিদিপ বৰুৱা শিৱসাগৰ জিলাৰ বেতবাৰী খেলুৱাৰ নিবাসী এজন অসমৰ অন্যতম চিত্ৰশিল্পী৷

তেখেতৰ ৰং আৰু তুলিকাত মূৰ্ত হৈ উঠে মানব জীৱনৰ দুখ-দুৰ্দশা, প্ৰেম-বেদনা, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, এতিয়ালৈকে তেখেতৰ চিত্ৰকৰ্ম অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰতো দেশৰ কেইবাখনো ৰাজ্যতো প্ৰদৰ্শিত হৈছে৷

স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ, আলোচনী আদিত বেটুপাত অংকন, স্কেচ্ছ অংকন কৰাৰ লগতে অসমৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকৰ প্ৰকাশিত গ্ৰন্থত বেটুপাত অংকনেৰে প্ৰায় দুই শতাধিক বেটুপাত অংকন কৰিছে৷

জ্যোতি বিষ্ণু কলাংগনৰ বঁটা প্ৰাপক ৰিদিপ বৰুৱা শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে সম্বৰ্ধনাৰে সন্মান জনোৱাৰ লগতে অসম সাহিত্য সভাই চিত্ৰশিল্পৰ সাধনাত ব্ৰতী থকা বৰুৱাক শিল্প সাধনাৰ সন্মান প্ৰদান কৰিছে৷

স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত ৰিদিপ বৰুৱা শিৱসাগৰৰ অন্যতম সাহিত্য-সাংস্কৃতিক গোষ্ঠী এনাজৰীৰৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বভাৰ গ্ৰহণ কৰি কাৰ্যনিবাহ কৰি আছে৷

ৰিদিপ বৰুৱাই ব্যক্তিগত প্ৰচেষ্টাত নৱ প্ৰজন্মক চিত্ৰশিল্পৰ এই সেউজী ধাৰাটোৰ প্ৰতি আগ্ৰাহান্বিত কৰি তুলি শিল্প সাধনাত ব্ৰতী হ’ব পৰাকৈ এখন মজিয়া সৃষ্টি কৰি দিবৰ বাবে অসম চাৰু কাৰু কলা পৰিষদ গুৱাহাটীৰ অনুজ্ঞা প্ৰাপ্ত “ৰামধেনু ফাইন আৰ্ট এণ্ড ক্ৰাফ্‌ট একাডেমি’’ প্ৰতিষ্ঠা কৰি ডিপ্লোমা পাঠ্যক্ৰমৰ সুন্দৰ ব্যৱস্থা কৰিছে৷

বৰ্তমান শিৱসাগৰ জাতীয় বিদ্যাপীঠ বেতবাৰীৰ উপাধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছে এইজনা সুন্দৰৰ সাধক শিল্পী ৰিদিপ বৰুৱাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here