শ্ৰীশ্ৰী আদ্যদেওপানী গজলা সত্ৰৰ জিৰণি কক্ষৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

0
177

প্ৰাগজ্যোতিষ বাৰ্তা, ২ অক্টোবৰ ২০ঃ ১ অক্টোবৰ বৃহস্পতিবাৰে অসম চৰকাৰৰ ” অসম দৰ্শন ২০১৯-২০” আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া শ্ৰীশ্ৰী আদ্যদেওপানী গজলা সত্ৰৰ জিৰণি কক্ষ”ৰ নিৰ্মাণ কাৰ্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানটোত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সঞ্জীৱ কুমাৰ বৰাও উপস্থিত থাকে।

উক্ত আঁচনিৰ বাবে দহলাখ টকাৰ পুঁজি আৱন্টন কৰা হৈছে।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়।

সভাত সত্ৰৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি দেৱকুমাৰ মহন্ত, সত্ৰৰ সেৱক ড° কৃষ্ণকান্ত সন্দিকৈ, ফটিক চন্দ্ৰ দত্তকে ধৰি অঞ্চলটোৰ ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here