ৰচনা-প্ৰতিযোগিতাঃ মোৰ গাঁও আৰু গ্ৰাম্য পৰ্য্যটনৰ সম্ভাৱনা

0
19

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২ অক্টোবৰ ২০ঃ অসমৰ গ্ৰমাঞ্চলৰ চুকে কোনে জ্ঞাত বা অজ্ঞাত আৱস্থাত থকা পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ সমলসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি সংস্কাৰধ্বনি ফাউণ্ডেচন, গুৱাহাটীৰ তৰফৰ পৰা এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

সম্ভাৱনাপূৰ্ণ গ্ৰাম্য পৰ্য্যটনৰ পটভুমি, সম্পদ, উপাদান, উৎসব, শিল্পকলা, সংস্কৃতি, পৰম্পৰা, যোগাযোগ, আতিথ্য আৰু প্ৰয়োজনীয় সহযোগিতা ইত্যাদি সন্নিবিষ্ট ৭৫০ শব্দৰ লিখনি নিম্নোক্ত তিনিটা শাখাৰ বাবে মুকলি কৰা হৈছে।
ক শাখাঃ
বিশ্ববিদ্যালয় পৰ্য্যন্ত ছাত্ৰ-ছাত্ৰীৰ বাবে
খ শাখাঃ
কেবল মহিলাসকলৰ বাবে
গ শাখাঃ
অন্য সকলো -শিক্ষক, ব্যবসায়ী, শিল্পী-কবি-সাহিত্যিক, সাংবাদিক, ডাক্তৰ, উকীল ইত্যাদি যিকোনো ব্যক্তিয়ে তেওঁলোকৰ অঞ্চলৰ এই বিশাল সম্ভাৱনাপূৰ্ণ বিষয়টোৰ প্ৰসাৰ বা প্ৰচাৰৰ বাবে প্ৰতিযোগিতাত যোগদান কৰিব পাৰে।

লিখনিসমূহ অসমীয়া বা ইংৰাজী ভাষাত লিখি বা টাইপ কৰি sanskardhwani@gmail.com মেইল ঠিকনাত ৩১ অক্টোবৰৰ ভিতৰত পোৱাকৈ পাঠিয়াব লাগিব।
লগতে নাম, ঠিকনা, পেচা, মোবাইল নং আৰু যোগদান কৰা শাখা স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
বিশদ বিবৰণ FB group “SANSKAR DHWANI FOUNDATION”ত উপলব্ধ কৰা হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here