সূর্য ক্ষেপণাস্ত্রৰ নতুন সংস্কৰণৰ সফল পৰীক্ষণ ভাৰতৰঃ ৮০০ কিলোমিটাৰ দূৰৰ শত্রুকো আঘাত কৰিবলৈ সক্ষম এই ক্ষেপণাস্ত্র

0
8
Symbolic Pic
Symbolic Pic

প্ৰাগডেস্ক, ৩ অক্টোবৰ ২০ঃ পূর্ব লাডাখত চীনৰ সৈতে চলমান অচলাৱস্থাৰ মাজতে শনিবাৰে ভাৰতে সূর্য ক্ষেপণাস্ত্রৰ নতুন সংস্কৰণ এটি সফলভাৱে পৰীক্ষা চলায়। এই ক্ষেপণাস্ত্র পাৰমাণৱিক ক্ষমতা সম্পন্ন এটি ভূপৃষ্ঠ পৰা ভূপৃষ্ঠলৈ প্ৰক্ষেপ কৰিব পৰা ব্যালিস্টিক ক্ষেপণাস্ত্র। চৰকাৰী এক সূত্রই এই সম্পর্কে তথ্য দি কয় যে এই ক্ষেপণাস্ত্রটি ওড়িশাৰ উপকূলীয় বালাসোৰত পৰীক্ষা কৰা হৈছে।

সূত্রটোৱে জনাইছে যে শৌর্য ক্ষেপণাস্ত্রৰ এই নতুন সংস্কৰণটি ৮০০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত লক্ষ্যস্থানত আঘাত হানিব পাৰে। সূর্য ক্ষেপণাস্ত্র প্রৱর্তনৰ লগে-লগে ভাৰতীয় ক্ষেপণাস্ত্র ব্যৱস্থা অধিক শক্তিশালী হ’ব আৰু ই পাতল তথা পৰিচালনা কৰিবলৈও সহজ হৈ উঠিব।

ইয়াৰ পূৰ্বে, বুধবাৰে ভাৰতে সাফলতাৰে ব্রহ্মোছ সুপাৰছ’নিক ক্রুজ ক্ষেপণাস্ত্র বিধৰ পৰীক্ষা সম্পন্ন কৰিছে, যিয়ে ৪০০ কিলোমিটাৰৰো অধিক দূৰত্বৰ লক্ষ্যবস্তুত বিস্ফোৰণ ঘটাব পাৰে। প্রতিৰক্ষা গবেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’) ওড়িশাৰ বালাসোৰ গ্রাউণ্ড পি.জে.-১০ প্রকল্পৰ অধীনত এই ক্ষেপণাস্ত্রটি পৰীক্ষা কৰে আৰু ক্ষেপণাস্ত্রটি দেশীয় বুস্টাৰ দ্বাৰা নিক্ষেপ কৰা হয়।

দেশীয়ভাৱে বিকশিত ব্রহ্মোছ সুপাৰছ’নিক মিছাইলৰ আধুনিকৃত সংস্কৰণৰ এইটো দ্বিতীয় সফল পৰীক্ষা। ডিআৰডিঅ’ৰ অধ্যক্ষ ডঃ জি সতীশ ৰেড্ডিয়ে এই সফল পৰীক্ষাৰ বাবে বিজ্ঞানীৰ দলটিক অভিনন্দন জনাই কয় যে সুপাৰছ’নিক ক্রুজ ক্ষেপণাস্ত্রটোত আৰু অধিক দেশীয় উপাদান অন্তর্ভুক্ত হৈ থাকিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here