নিচান’ আৰু ‘জোনাকৰ হাঁহি’ উন্মোচন

0
29

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৫ অক্টোবৰ ২০ঃ গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰত ৩ অক্টোবৰ তাৰিখে দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক নিত্যানন্দ বৰাৰ উপন্যাস ‘নিচান’ আৰু কবিতা গ্ৰন্থ ‘জোনাকৰ হাঁহি’ উন্মোচন কৰে বিশিষ্ট কবি-সাহিত্যিক প্ৰদীপ আচাৰ্যই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত উপায়ুক্ত দীপক গোস্বামী আৰু ভাৰত-তীব্বত সহযোগ মঞ্চৰ উৰ্বশী মহন্ত।

সৌৰভ নগৰৰ গোলাপ পথত থকা লেখকৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানত গ্ৰন্থ উন্মোচক প্ৰদীপ আচাৰ্যৰ লগতে বিশিষ্ট অতিথিদ্বয়ে বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানৰ আঁতধৰে লেখক নিত্যানন্দ বৰাৰ কন্যা পংখী বৰাই। শলাগৰ শৰাই আগবঢ়ায় লেখকৰ পত্নী সুভদ্ৰ বৰাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here