মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত ইছলামপুৰত শতাধিক ব্যক্তিৰ বিজেপিত যোগদান

0
18

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৫ অক্টোবৰ ২০ঃ পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰৰ্গত ইছলামপুৰত ৰবিবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ এক সাংগঠনিক সভাত বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে৷

পূৱ গুৱাহাটী মণ্ডল বিজেপিয়ে আয়োজন কৰা সভাখনত স্হানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে৷

মন্ত্ৰীগৰাকীৰ উপস্থিতিত বৃহত্তৰ ইছলামপুৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে৷

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম কাজক লৈ যঠেষ্ট সন্তুষ্টি লাভ কৰাৰ লগতে স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিগত সময়চোৱাত ইছলামপুৰ অঞ্চলত যঠেষ্ট উন্নয়নমূলক কাম কৰাৰ বাবেই বিজেপি প্ৰতি তেওঁলোক আকৃষ্ট হৈ যোগদান কৰাৰ কথা উল্লেখ কৰে৷

এইক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজ সমষ্টিৰ ইছলামপুৰত এনেদৰে বিজেপি দলত যোগদান কৰাৰ বাবেই প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷

লগতে তেওঁ যোগদান কৰা প্ৰতিগৰাকী বিজেপি সদস্যক আগন্তুক দিনত নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়৷

ইছলামপুৰ অঞ্চলৰ সমস্যাসমূহ সমধানৰ ক্ষেত্ৰত তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে৷

উল্লেখ্য যে পুৱ গুৱাহাটী মণ্ডল বিজেপি আয়োজন কৰা সভাখনত মণ্ডল সমিতিৰ বিষয়ববীয়াৰ লগতে বুথ সভাপতি সহ ভালেসংখ্যক সদস্য উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here