গুৱাহাটীত গ্লেনেগোলছ গ্লবেল হাস্পাতাল হায়দৰবাদৰ ,শিশু যকৃত বিশেষজ্ঞ

 গুৱাহাটী, 30 এপ্ৰিল: দেশৰ আগশাৰীৰ  চিকিৎসা প্ৰতিষ্ঠান  গ্লেনেগোলছ গ্ল’বেল হাস্পাতালৰ  শিশু ৰোগ বিশেষজ্ঞ প্ৰশান্ত  বাচানে অচিৰেই গুৱাহাটী  আঠগাঁও স্হিত মাৰোৱাৰী মেটাৰনেটি হাস্পাতালটত আৰম্ভ কৰিব বহিঃ বিভাগ।উল্লেখযোগ্য যে গ্লেনেগোলছ গ্লবেল হাস্পাতাল হৈছে এখন মাল্টি চুপাৰ স্পেচিয়েলিটি  হাস্পাতাল, য’ত ইতিমধ্যে বিভিন্ন জটিল ৰোগৰ  সফল পৰীক্ষা সম্পন্ন কৰা হৈছে।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি হস্পাতাল খনৰ জ্যেষ্ঠ  শিশুৰোগ  বিশেষজ্ঞ ডাঃ প্ৰশান্ত বাচানে কয় যে  বৰ্তমান সময়ত  শিশু সকল বিভিন্ন ৰোগত আক্ৰান্ত হয়। ইয়াৰ  ভিতৰত যকৃত সমস্যা, ছোৱাপ লিভাৰ,  গ্ৰেফট , প্লিট লিভাৰ বিকল হোৱা ইত্যাদি ।
কিন্ত সঠিক সময়ত সঠিক চিকিৎসা গ্ৰহণ কৰিলে  এই ৰোগ সমূহৰ পৰা উপশম পাব পাৰি।  উল্লেখযোগ্য যে বিগত ১৭বছৰ ধৰি গ্লেনেগোলছ গ্লবেল হাস্পাতালে  যকৃত সংৰোপন ৰ ক্ষেত্ৰত বিশেষ সফলতা দেখুৱাই আহিছে। এই  চিকিৎসালয় খন হায়দৰবাদৰ অতি পুৰণি আৰু আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান।
ইয়াৰ এতিয়া লৈ প্ৰায় ৭০০ ৰো অধিক ৰোগীৰ  যকৃত  সংৰোপন কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১০০ ৰো অধিক শিশু ৰোগী আৰু এই গোটেই  জটিল প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰাত মুখ্য ভূমিকা পালন কৰিছে প্ৰসিদ্ধ চিকিৎসক ডাঃ প্ৰশান্ত বাচানে।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সু খবৰ যে  এতিয়াৰে পৰা  আঠগাঁও স্হিত  মাৰোৱাৰী মেটাৰনেটি হস্পাতালত  প্ৰতি মাহে  শিশু সকলৰ বাবে এই ৰোগ সমূহৰ বাবে কম খৰচত লাঘৱ হোৱাকৈ চিকিৎসা সেৱা আগবঢ়াব জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ  ডাঃ প্ৰশান্ত বাচিয়ানে।
Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here