ড০ অপৰ্ণা বুজৰবৰুৱাৰ গল্প সংকলন ‘চক্ৰবেহু’ উন্মোচন

0
21

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৬ অক্টোবৰ ২০ঃ অলপতে গীতানগৰত ড০ অপৰ্ণা বুজৰবৰুৱাৰ গল্প সংকলন ‘চক্ৰবেহু’ উন্মোচন কৰে সুলেখক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া প্ৰবীণ চৌধুৰীয়ে।

আই আই টি, গুৱাহাটীৰ অধ্যাপক তথা সঙ্গীতকাৰ ড০ অৰূপ শৰ্মাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে গ্ৰন্থখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰ ড০ অমৃত কুমাৰ উপাধ্যায়ে।

অনুষ্ঠানটোত শিক্ষয়িত্ৰী মৃদুলা শৰ্মাকে আদি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

সাম্প্ৰতিক পৰিস্থিতিত কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনষ্টুপীয়াকৈ হ’লেও এটি অন্তৰংগ পৰিৱেশত ‘চক্ৰবেহু’ৰ উন্মোচনী অনুষ্ঠানটি সম্পন্ন হৈ যায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here