বিজেপি নেতা মণীষ শুক্লাৰ হত্যাৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ পশ্চিমবংগ চৰকাৰৰঃ চিবিআইক তদন্তৰ ভাৰ দিয়াৰ দাবী ৰাজ্যিক বিজেপিৰ

0
9

প্ৰাগডেস্ক, ৬ অক্টোবৰ ২০ঃ ৪ অক্টোবৰত আততায়ীৰ গুলিত নিহত হোৱা পশ্চিমবংগৰ বিজেপি নেতা মণীষ শুক্লাৰ হত্যাৰ ঘটনাৰ তদন্তৰ দায়িত্ব যোৱাকালি চিআইডিক অৰ্পণ কৰা হয়।

উল্লেখ্য যে উত্তৰ চব্বিছ পৰগনা জিলাৰ টিটাগড় পৌৰসভাৰ কাউন্সিলৰ মনীশ শুক্লাক ৰবিবাৰে ৰাতি ব্যাৰাকপুৰ ট্রাঙ্ক ৰোডত(বিটি ৰোড) মোটৰচাইকেলবাহী আততায়ীয়ে গুলি কৰি হত্যা কৰে। ঘটনাৰ সময়ত পাঁচ ৰাউণ্ড গুলি চালোৱা হৈছিল।

প্রাথমিক তদন্তৰ প্রতিবেদন অনুসাৰি মণীশ শুক্লাৰ মূৰৰ পৰা তিনটা গুলি উদ্ধাৰ করা হৈছে। আৰু তেওঁৰ শৰীৰত ভালেকেইটা আঘাতৰ চিনো পোৱা গৈছে।

জানিব পৰা মতে, শুক্লাৰ নিজস্ব নিৰাপত্তাৰক্ষী সদায় লগতে থাকিছিল আচৰিত ধৰণে ৰবিবাৰে ৰাতি এইসকল নিৰাপত্তাৰক্ষীৰ কাকোৱেই ওচৰে-পাজৰে দেখা নগ’ল।

বিজেপি নেতাজনৰ আত্মৰক্ষাৰ হেতু নিজস্ব লাইসেন্সযুক্ত অস্ত্রও আছিল। কিন্তু লাইসেন্সখন অন্য ৰাজ্য পৰা লোৱা হৈছিল বাবে ব্যাৰাকপুৰ পুলিশ কমিছনাৰে যোৱা মাহত এই অস্ত্রটোও বাজেয়াপ্ত কৰিছিল বুলি জানিব পৰা গৈছে।

তৃণমূল কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা মণিষ শুক্লাক পূৰ্বেও হত্যাৰ চেষ্টা চলোৱা হৈছিল।

আনহাতে এই হত্যাকাণ্ডৰ প্ৰতিবাদত বিজেপি কৰ্মীসকলে উলিওৱা এক সমদলৰ ওপৰত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে আক্ৰমণ চলোৱাৰ ঘটনায়ো বিষয়টোক অধিক ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে। এই ঘটনাত এতিয়ালৈ ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

বিজেপিয়ে সমগ্ৰ পশ্চিমবংগৰ ৰাজনৈতিক পৰিবেশ বিধ্বংস কৰা এই ঘটনাৰাজীৰ তদন্তৰ ভাৰ চিবিআইৰ দ্বাৰা কৰাবলৈ দাবী উত্থাপন কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here