বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ ৯৩ তম জন্মদিন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৭ অক্টোবৰ ২০ঃ অহা ৮ অক্টোবৰ তাৰিখে প্রবীণ সাংবাদিক বুদ্ধিজীবী তথা জার্নেলিষ্ট এছ’চিয়েশ্যন অৱ আছাম’ ‘জা’ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৯৩ বছৰত ভৰি দিব।

এই উপলক্ষে সংগঠনটোৰ সদস্য সাংবাদিকসকলে বিশিষ্ট সাংবাদিক গৰাকীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত নেচনেল ইউনিয়ন অৱ জার্নেলিষ্ট ইণ্ডিয়া’ (এন ইউ জে আই)ৰ ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গােস্বামী, জা’ৰ কেন্দ্রীয় কার্যকৰী সভাপতি অনুপ বিশ্বাস, উপ-সভাপতি ময়ুখ গােস্বামী, সাধাৰণ সম্পাদক ডালিম ফুকন, কোষাধ্যক্ষ কুমাৰ নৃপেন্দ্ৰ ৰাজবংশী, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি সুদীপ শৰ্ম্মচৌধুৰী, সাধাৰণ সম্পাদক সব্যসাচী শৰ্মাই প্রবীণ সাংবাদিকগৰাকীৰ সু-সাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি সমূহ সাংবাদিকৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

৭০ দশকত আছাম ট্রিবিউন কাকতৰ উপ-সম্পাদকৰ জৰিয়তে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা প্রবীণ সাংবাদিকগৰাকী পাছলৈ দৈনিক জনমভূমি, আজিৰ বাতৰি, নতুন দৈনিক, দৈনিক অসম আদি বিভিন্ন কাকতৰ সম্পাদক পদত কার্যনিবাহ কৰিছিল। তেখেতে বৰ্তমানো ‘প্ৰাগজ্যোতিষ’ অসমীয়া সাপ্তাহিকখনৰ মুখ্য সম্পাদক হিচাপে কাৰ্যসম্পাদন কৰি আছে।

তদুপৰি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগৰ সঞ্চালক আছিল।

বিগত কেইবা দশক ধৰি অসমৰ সংবাদ আৰু সাহিত্য জগতত অভুতপূর্ব বৰঙণি আগবঢ়োৱা বিশিষ্ট সাংবাদিকগৰাকী এছিয়া মহাদেশৰ ভিতৰত কৰ্মৰত জ্যেষ্ঠ সম্পাদক সাংবাদক হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

প্রবীণ সাংবাদিকজনৰ ৯৩ তম জন্মদিন উপলক্ষে ৮ অক্টোবৰৰ বিয়লি ৫ বজাত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, সাংবাদিক সমাজ আৰু শুভাকাংক্ষীসকলে এক অন্তৰংগ অনুষ্ঠানৰ আয়ােজন কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here