বিহৰত এনডিএ ৰ সংবাদ মেলঃ বিজেপি ১২১, জেডিউ ১১৫ আৰু হম দলে ৭ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব; বিজেপিৰ ২৭ গৰাকী প্রার্থীৰ প্রথমখন তালিকা প্রকাশ

0
4

প্ৰাগডেস্ক, ৭ অক্টোবৰ ২০ঃ যোৱাকালি বিহাৰত এনডিএ-ৰ এক সংবাদমেলত সহযোগী দলসমূহে কোনে কিমান আসনত প্ৰতিদ্বদ্বিতা কৰিব সেই সংখ্যা সমূহ ঘোষণা কৰে।সংবাদমেলত জানিবলৈ দিয়া মতে, বিহাৰৰ সৰ্বমুঠ আসনৰ বিজেপিয়ে ১২১, জেডিউয়ে ১১৫ আৰু হম দলে ৭ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব।

বিজেপিয়ে ইতিমধ্যে ২৭ খন আসনৰ প্ৰাৰ্থীৰ তালিকাও ঘোষণা কৰিছে। এই আটাইকেখন আসনৰে নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হ’ব।

সম্প্রতি বিজেপিৰ সদস্যপদ পোৱা শ্রেয়ষী সিঙে জামুইৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব, গয়াৰ মন্ত্রী প্রেম কুমাৰ আৰু ভুভাৰ পৰা ৰিংকি পাণ্ডেই প্ৰতিদ্বদ্বিতা কৰিব।

এনডিএত আসন ভাগাবতৰালৈ চলি থকা বিতর্কৰ মজতে বিজেপি আৰু জেডিইউৰ এইখন যৌথ সংবাদ মেল অনুস্থিত হৈছিল। মুখ্যমন্ত্রী নীতীশ কুমাৰে কৈছিল যে বিতর্ক নহয় আমি এটি এনডিএ জোট, আমাৰ মাজত আলোচনা হৈছে।

ইয়াত জেডিউক দিয়া হৈছে ১২২ খন আসন।হম দলক দিয়া হৈছে ৭ টা ছিট। বিজেপিৰ হাতত আছে ১২১ খন আসন আৰু ভি আইপি সকলক ইয়াৰ পৰা কিছু আসন দিয়া হ’ব।

প্রথম পৰ্যায়ৰ ভোটৰ বাবে মনোনয়নৰ শেষ তাৰিখ বৃহস্পতিবাৰ ৮ অক্টোবৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here