লংকা চাইল্ড লাইনে উদ্ধাৰ কৰিলে এগৰাকী নাবালিকাক

0
16

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ অক্টোবৰ ২০ঃ হোজাই জিলা আইনসেৱা প্ৰাধীকৰণৰ তৎপৰতাত বুধবাৰে কাকী আৰক্ষী থানাৰ অন্তৰ্গত দুই নং কাকী ৰামজিপুৰৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ কৰে৷

হোজাই জিলাৰ আইন সেৱা প্ৰাধীকৰণ হোজাই জিলা সমিতিৰ সচিব প্ৰনিতা মৰাঙৰ নিৰ্দেশত চাইল্দ লাইন, কাকী আৰক্ষী আৰু পেনেল অধিবক্তা মনিতা শৰ্মায়ে অভিযান চলাই কাকী ৰামপুৰৰ মহে মহেন্দ্ৰ ডেকাৰ ঘৰৰ পৰা লংকাৰ দুই নং ৰে’লগেটৰ ষোল্ল বছৰীয়া এগৰাকীক উদ্ধাৰ কৰাৰ লগতে দিগন্ত ডেকা নামৰ যুৱকজনক আটক কৰে৷

উল্লেখযে কাকী ৰামপুৰৰ দিগন্ত ডেকা নামৰ যুৱকজনে লংকাৰ দুই নং ৰেলগেটৰ এগৰাকী ষোল্ল বছৰীয়া ছাত্ৰীক যোৱা বিশ ছেপ্তেম্বৰত পলুৱাই আনিছিল৷ আৰু গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত অনুসৰি বুধবাৰে নাবালিকাগৰাকীক উদ্ধাৰ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here