প্ৰাগডেস্ক, ৯ অক্টোবৰ ২০ঃ বৃহস্পতিবাৰে মুম্বাইৰ পুলিচ কমিশ্যনাৰ পৰমবীৰ সিঙে এক সংবাদ মেলত কৈছিল যে ৰিপাব্লিক টিভি আৰু ২ টা মাৰাঠি ছেনেলে পইচা দি টিআৰপি বঢ়োৱা কাৰ্যত জড়িত হৈ পৰিছে।
টিআৰপি অর্থাৎ টেলিভিশ্যন ৰেটিং পয়ন্টত জালিয়াতিৰ ক্ষেত্রত এক নতুন দিশৰ উন্মোচন ঘটিছে।
মুম্বাইৰ টিআৰপিৰ দায়িত্ব থকা সংস্থা হন্সা ৰিচার্চ গ্রুপ প্রাইভেট লিমিটেডৰ ডেপুটি জেনাৰেল ম্যানেজাৰ নিতিন দেবকাৰেও এফআইআৰ দাখিল কৰিছে। ইয়াৰ প্ৰতিলিপিত পিছে ৰিপাব্লিক টিভিৰ নহয় ইন্ডিয়া টুডেৰ নামহে উল্লেখ আছে।
এফআইআৰ প্ৰতিলিপি বাহিৰ হোৱাৰ পিচত মুম্বাই পুলিচে স্পষ্টিকৰণ দিছে যে,মুম্বাই পুলিচৰ যুগ্ম কমিশ্যনাৰ(অপৰাধ) মিলিন্দ ভৰাম্বে জনাইছে যে হানসাৰ এফআইআৰ-ত ইন্ডিয়া টুডেৰ নাম উল্লেখ কৰা হৈছিল, গ্রেপ্তাৰকৃত আচামীক জেৰাৰ সময়ত এজন আচামীয়ে ৰিপাব্লিক টিভি আৰু ২ টি মাৰাঠি চ্যানেলৰ নাম উল্লেখ কৰিছিল।
পুলিচ বিভাগে পুনৰ কৈছে যে এইপর্যন্ত তদন্তৰ ভিত্তিত এই তিনিটা ছেনেলৰ বিৰুদ্ধে প্রমাণ পোৱা গৈছে। তেওঁলোকে আৰু কৈছে যে তদন্ত এতিয়াও চলি আছে।কোনো ছেনেলৰ বিৰুদ্ধে যদি প্রমাণ পোৱা যায়, তদন্ত তাৎক্ষণিকভাৱে আগুৱাব।
বৃহস্পতিবাৰে মুম্বাইৰ পুলিচ কমিশনাৰ পৰমবীৰ সিঙে এটি সংবাদ মেল সম্বোধন কৰি দাবী কৰিছিল যে ৰিপাব্লিক টিভি আৰু দুটা মাৰাঠি ছেনেলে জাল টিআৰপি প্রাপ্তিৰ কেলেংকাৰীত জড়িত আছিল।
তেওঁলোকে টকা দি টিআৰপি উঠাইছিল। এইক্ষেত্রত মুম্বাই পুলিচ কর্তৃপক্ষক দুটা মাৰাঠি ছেনেলৰ মালিক সহ ৪ জনক গ্রেপ্তাৰ কৰা হৈছিল।
এইক্ষেত্রত, পুলিচে ৰিপাব্লিক টিভিৰ মালিক অর্ণব গোস্বামীক আজি শোধাপোচাৰ বাবে তলব কৰিব পাৰে। অর্ণব গোস্বামীয়ে অৱশ্যে এয়া মুম্বাই পুলিচৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। তেওঁৰ মতে, সুষান্ত সিং ৰাজপুতৰ কেছত অর্ণব গোস্বামীৰ স্থিতিয়ে মুম্বাই পুলিচক বিপাঙত পেলাইছিল, তাৰেই পোতক এয়া।
এতিয়া সময়েহে ক’ব ৰিপাব্লিক টিভি আৰু মালিক অর্ণব গোস্বামীৰ ভৱিষ্যত কি ?