শিৱসাগৰ জিলাৰ নামতিৰ নতুন লোণপুৰীয়া গঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজন নিহত

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১০ অক্টোবৰ ২০ঃ শিৱসাগৰ জিলাৰ নামতিৰ নতুন লোণপুৰীয়া গাঁৱত ৯ অক্টোবৰৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

খবৰ পোৱা মতে, বিশেষ কামত ঘৰৰ পৰা বাহিৰলৈ আহোঁতে নিশা ASO4 BC 4923 নম্বৰৰ তীব্ৰবেগী বলেৰ’ পিকআপ ভানখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়াত নামতি পাটৰ গাঁৱৰ বাসিন্দা নৰেন চুতীয়া নামৰ ৬০ বছৰীয়া লোক এজন ঘটনাস্থলীতে নিহত হয়।

ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷লগে লগে ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও কেইবাঘণ্টা ধৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে৷

পিছত আৰক্ষীৰ তৎপৰতাত পৰিৱেশ নিয়ন্ত্ৰণলৈ অহাত আৰক্ষীয়ে বাহনখন জব্দ কৰে৷

আনহাতে এই দুৰ্ঘটনাত চালক আৰু হেন্দিমেন আঘাতপ্ৰাপ্ত হোৱা নাই বুলি বাতৰি পোৱা গৈছে৷

পিছত গাড়ীখনৰ সুৰামত্ত চালকক স্থানীয়লোকে আটক কৰি গাওঁৰক্ষী বাহিনীৰ সহযোগত হালোৱাটিং আৰক্ষীক চমজাই দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here