ৰঙীন অনুভৱেৰে জীপাল চিন্তামুক্ত শান্তিৰ বতৰা কঢ়িয়াই অনা যোগঃ ভূজংগাসনঃ যোগ বিজ্ঞানৰ অন্যতম বিবিধতা পূৰ্ণ আসন

0
71

(খণ্ড–৭)

                                           

✍️ৰেখামণি দাস
  চামগুৰি, নগাঁও

‘ভূজংগাসন’ শব্দটো সংস্কৃত শব্দ ‘ভূজংগ’ৰ পৰা উদ্ভৱ হৈছে। ‘ভূজংগ’ শব্দৰ অৰ্থ হ’ল, ‘সাপ’। ভূজংগাসন কৰোঁতে শৰীৰটোৱে ফেট তুলি উঠা সাপৰ আকৃতি লয় বাবে এই আসনটোৰ নাম ভূজংগাসন ৰখা হৈছে।

এই আসনটোৰ নাম ভূজংগাসন হোৱাৰ আন এটি কাৰণো এনেদৰে দৰ্শাব পাৰি যে ইয়াৰ অভ্যাসত মানৱ দেহত থকা ৭ টা চক্ৰৰ ভিতৰত দেহৰ একেবাৰে তলভাগত অৱস্থিত মূলাধাৰ চক্ৰত কুণ্ডলী পকাই সুপ্ত অৱস্থাত থকা কুণ্ডলিনী শক্তি জাগ্ৰত হয় বাবেও ইয়াক ভূজংগাসন বোলা হয়।কাৰণ পাক খাই থকা এই কুণ্ডলিনী শক্তিক ভূজংগিনী বুলিও জনা যায়।

যোগ বিজ্ঞানৰ ক্ষেত্ৰখনত “ভূজংগাসন” হ’ল এটি অন্যতম বিবিধতা পূৰ্ণ আসন। যাৰ শুদ্ধ,সঠিক আৰু প্ৰণালীবদ্ধ অভ্যাসত অভ্যাসকাৰীজনৰ সমগ্ৰ শৰীৰৰ বিবিধ উপকাৰ সাধিত হয়।

এই আসনে ৰাজহাড়, দুচিন্তা, পেটৰ নিম্নাংশৰ বিভিন্ন সমস্যা আদিৰ নিচিনা শৰীৰৰ ভিন্ ভিন্ গম্ভীৰ ৰোগৰ পৰা ব্যক্তিক পৰিত্ৰাণ কৰাৰ উপৰিও যোগাভ্যাসৰ মূল উদ্দেশ্য কুণ্ডলিনী শক্তিৰ জাগ্ৰতকৰণৰ জৰিয়তে মানৱ দেহত অৱস্থিত ষট্ চক্ৰকো বিশেষভাৱে প্ৰভাৱিত কৰে।

যোগ বিজ্ঞান মতে, মানৱ দেহত সাতটা চক্ৰ থাকে আৰু এই সাতটা চক্ৰকে ষট্ চক্ৰ বুলি কোৱা হয়।গুৰুৰ পৰা আয়ত্ত কৰা এই ভূজংগাসনৰ অলৌকিক প্ৰভাৱত উক্ত সাত চক্ৰৰ ভিতৰত মূলাধাৰ চক্ৰ, স্বাধিস্থান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত আৰু বিশুদ্ধি- এই পাচঁটা চক্ৰই কুণ্ডলিনী শক্তি জাগ্ৰত হোৱাৰ ফলত খোল খাই পৰে, যি মনুষ্য জীৱনৰ অপাৰ শক্তিৰ আধাৰপুঞ্জ।

ভূজংগাসন কৰাৰ অভ্যাস বিধিঃ-

প্ৰথমে, যোগাসন কৰাৰ বাবে গঢ়ি তোলা উপযুক্ত পৰিৱেশত ভৰি দুখন লগলগাই মেলি পেট পেলাই বিপৰীত শয়ন স্থিতিত শুই ল’ব লাগে।হাত দুখন তলুৱা তলফালে ৰাখি শৰীৰৰ দুয়োকাষে স্থাপিত কৰি কপালখন মাটিত লগাব লাগে।

দ্বিতীয়তে, দুয়োখন হাতৰ তলুৱা তলমুৱাকৈ ৰাখি কিলাকুটি ভাজ কৰি বুকুৰ দুয়োকাষে থ’ব লাগে আৰু কিলাকুটি ভাজ কৰি ৰাখিয়ে পেটৰ পৰা ওপৰৰ অংশ খিনি উশাহৰ লগে লগে লাহেকৈ সামান্য ডাঙি ওপৰলৈ চাব লাগে।আসনটোৰ এই স্থিতিক সৰল ভূজংগাসন বোলা হয়।এই স্থিতিত ১০-১৫ ছেকেণ্ড কুম্ভক অৱস্থাত থাকি নিশাহ এৰি এৰি আগৰ অৱস্থালৈ ঘূৰি আহিব লাগে। এনেদৰে প্ৰথমে ২-৩ বাৰ আৰু পিছলৈ ৪-৫ বাৰলৈ বঢ়াই নিব লাগে।

তৃতীয়তে, ওপৰোক্ত দ্বিতীয় চৰণটো শুদ্ধভাৱে কেইদিনমান কৰি অভ্যস্ত হ’লেহে তৃতীয় চৰণ কৰাৰ বাবে সাজু হ’ব লাগে।

তৃতীয় চৰণত উশাস-নিশাসৰ নিয়ম একেই ৰাখি দ্বিতীয় চৰণৰ স্থিতিলৈ আহি লাহে লাহে আৰু সাৱধানে নাভিৰ পৰা ওপৰৰ অংশ ওপৰলৈ ডাঙি কিলাকুটি সম্পূৰ্ণ ৰূপে চিধা কৰিব লাগে আৰু ওপৰলৈ চাব লাগে। আৰু এই স্থিতিত ১০-১৫ ছেকেণ্ড কুম্ভক কৰি নিশাহৰ লগে লগে আগৰ অৱস্থালৈ ঘূৰি যাব লাগে।

প্ৰথম অৱস্থাত ২-৩ বাৰ আৰু অভ্যস্ত হ’লে ৪-৫ বাৰ বা ৬-৭ বাৰলৈও এই স্থিতিটোৰ অনুশীলন বঢ়াই নিব পৰা যায়।কিন্তু মন কৰিব লাগে যাতে হাতত বৰ বেছি জোৰ নপৰে। এনেদৰে কিছুদিন অভ্যাস কৰাৰ পিছত কোনো অসুবিধা নাপালে চতুৰ্থ চৰণলৈ আহিব লাগে।

 

চতুৰ্থতে, আসনটোৰ এই চৰণটো দ্বিতীয় বা তৃতীয় চৰণৰ স্থিতিলৈ আহি (উশাস-নিশাসৰ নিয়ম একেই) হাতৰ তলুৱা দুখন কিলাকুটি ভাজ কৰি ভূ-পৃষ্ঠৰ পৰা সাধ্যমতে অলপ ওপৰত ৰাখি কৰিবলৈ যত্ন কৰিব লাগে (যিসকলে কোনো অসুবিধা নোহোৱাকৈ পাৰে আৰু যিসকলে নোৱাৰে বা কাৰোবাৰ আন কিবা অসুবিধা আছে, তেন্তে তেওঁ তৃতীয় চৰণটোৱে শুদ্ধভাৱে কৰিব)। এনে কৰিলে অধিক সুফল পোৱা যায়।

পঞ্চমতে, যি সকলে চতুৰ্থ চৰণলৈ অনায়াসে কৰিব পৰা হৈছে তেওঁলোকে আৰু অধিক সুফল লাভৰ বাবে; যদিহে কোনো অসুবিধা নাই বা শৰীৰ যথেষ্ট নমনীয় হৈ আছে এই পঞ্চম চৰণটো অনুশীলন কৰিব পাৰে।এই স্থিতিয়ে হ’ল ভূজংগাসনৰ পূৰ্ণ স্থিতি।

এই স্থিতি কৰিবলৈ হ’লে প্ৰথমতে উশাহৰ লগে লগে নাভিৰ পৰা ওপৰৰ অংশ ডাঙি মূৰটো যিমান পাৰি পিছলৈ নিব লাগে আৰু ভৰি দুখন আঁঠুত ভাঁজ কৰি ভৰিৰ তলুৱাৰে মূৰটো স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব পাৰে।এনে অৱস্থাত কিছু সময় কুম্ভকত থাকি নিশ্বাস এৰি এৰি আগৰ অৱস্থালৈ ঘূৰি আহিব লাগে। এনেদৰে ২-৩ বাৰ কৰিব লাগে। পিছলৈ অভ্যাস ভাল হ’লে ৪-৫ বাৰলৈ বঢ়াই নিব পাৰি।

ভূজংগাসন অনুশীলনৰ লাভঃ-

ভূজংগাসন এটি বিবিধতা পূৰ্ণ আসন। ইয়াৰ প্ৰণালীবদ্ধ, শুদ্ধ অভ্যাসত ৰাজহাড় যথেষ্ট পৰিমাণে নমনীয় হৈ উঠি বৃদ্ধ অৱস্থাতো বাৰ্ধক্যগ্ৰস্ততাৰ পৰা ব্যক্তিক মুক্ত ৰখাৰ লগতে দেহটোক বিভিন্ন ধৰণৰ ৰোগৰ পৰাও ৰক্ষা কৰি ৰাখে। উদাহৰণস্বৰূপে- পিঠিৰ বিষ,ককালৰ বিষ,স্পণ্ডেলাইটিচ,অজীৰ্ণ, চায়টিকা, দুশ্চিন্তা,মেৰুদণ্ডৰ ওপৰৰ ভাগৰ বক্ৰতা, কোষ্ঠকাঠিন্যতা, ডায়বেটিছ,মহিলাৰ ঋতুজনিত বিভিন্ন সমস্যা, গেছৰ সমস্যা,পেটৰ অনাৱশ্যক চৰ্বি,পেটফুলা,শ্বাসজনিত, কিডনীৰ পাথৰ,লিভাৰৰ সমস্যা আদি বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিদান লাভ কৰিব পাৰি।

তাৰোপৰি ইয়াৰ অভ্যাসত নাৰী-পুৰুষ উভয়ৰে যকৃত,বৃক্ক-অধিবৃক্ক আদিত বিশুদ্ধ ৰক্ত সঞ্চালন; বস্তি অঞ্চলৰ স্নায়ু-তন্তুসমূহ আৰু হৃদযন্ত্ৰ অধিক শক্তিশালী আৰু মজবুত হৈ উঠে,কম বয়সৰ পৰাই কৰা এই আসনৰ সঠিক অভ্যাসে বক্ষস্থলৰ গঠন দেখনিয়াৰ কৰি তোলে, চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। ইয়াৰোপৰি যোগ বিজ্ঞানৰ এই অন্যতম বিবিধতা পূৰ্ণ আসন; ভূজংগাসনৰ পূৰ্ণ প্ৰণালীবদ্ধভাৱে কৰা সঠিক আৰু শুদ্ধ অভ্যাসত যোগাসনৰ মূল লক্ষ্য স্বৰূপ কুণ্ডলিনী শক্তি জাগ্ৰত হৈ দেহক অপাৰ শক্তিৰ পুঞ্জি প্ৰদান কৰে আৰু মূলাধাৰ চক্ৰত কুণ্ডলী ৰূপত(পাক খাই) সুপ্ত হৈ থকা এই শক্তিৰ মহাপুঞ্জ কুণ্ডলিনী শক্তি জাগ্ৰত হোৱাৰ লগে লগেই ই আমাৰ দেহৰ ষট্ চক্ৰকো এক সন্তুলিত অৱস্থা প্ৰাপ্ত কৰায়।

যাৰ ফলত ব্যক্তিৰ সম্পূৰ্ণ সত্তা, সম্পূৰ্ণ চেতনা, সম্পূৰ্ণ ভাৱধাৰা আনকি সম্পূৰ্ণ দৃষ্টিকোণেই সলনি হৈ তেওঁৰ সমগ্ৰতে জীৱন ধাৰণৰ অন্য এক মাদকতা ঢলাৰ জৰিয়তে অৱশেষত তেওঁক পৰমাত্মা প্ৰাপ্তিৰ অপাৰ আনন্দ লাভ কৰায়।

ভূজংগাসন অনুশীলনৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাঃ-

এই আসনটো গৰ্ভাৱস্থা,হাৰ্নিয়া,বিশেষ কাৰণবশতঃ হোৱা মূৰৰ বিষ, ৰাজহাড়ৰ গম্ভীৰ সমস্যা আদি আৰু পেটৰ অস্ত্ৰোপচাৰ কৰা থাকিলে কেইমাহমান কৰাৰ পৰা বিৰত থাকিব লাগে। তাৰোপৰি ডিঙিৰ বিশেষ সমস্যাত ভোগা সকলোৱেও আসনটো কৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত।

(বিঃ দ্ৰঃ- যোগাসন সদায় প্ৰশিক্ষণ প্ৰাপ্ত আৰু অভিজ্ঞ যোগ বিশেষজ্ঞৰ নিৰ্দেশনাতহে কৰা উচিত আৰু অধিক ফলপ্ৰসু।)

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here