প্রধানমন্ত্রী মোডী, নীতিশ কুমাৰে বিহাৰত সলনি কৰিছে ৰাজনৈতিক গতিপথঃ গয়াৰ নির্বাচনী জনসভাত বিজেপি প্রধান জে.পি. নদ্দা

0
7

প্ৰাগডেস্ক, ১২ অক্টোবৰ ২০ঃ গয়াত এক নির্বাচনী জনসভাত বক্তব্য ৰাখছিল বিজেপি নেতা। আসন্ন বিধানসভা নির্বাচনৰ আগে-আগে বিহাৰত জ্যেষ্ঠ নেতাৰ এইখনেই আছিল প্রথমখন ৰাজহুৱা সভা।

নির্বাচনী সভাখনত দিয়া ভাষণত ভাৰতীয় জনতা পার্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নদ্দাই কয়, প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু মুখ্যমন্ত্রী নীতিশ কুমাৰে ৰাজ্যখনৰ ৰাজনৈতিক গতিপথৰ পৰিবৰ্তন সাধন কৰি পেলাইছে।

স্বাস্থ্য তথা কল্যাণ, কৃষিকাৰ্য আৰু শিক্ষাৰ দৰে ক্ষেত্রত অতুলনীয় প্রগতিশীল পৰিবর্তন আনাৰ হেতু মোডীৰ প্রশংসাত পঞ্চমুখ হৈ পৰে নেতাগৰাকী। নদ্দা কৈছিল, “মোডী হ্য তো মুমকীন হ্যায়, নীতীশ (কুমাৰ) হ্য তো প্ৰদেশ আগে বাঢ়েগা।”

তেওঁ আৰু কয় যে “ভাৰতৰ নেতৃত্ব প্রধানমন্ত্রী মোডীৰ হাতত সুৰক্ষিত”।

ক’ৰ’ণা ভাইৰাছ(কোভিড-১৯)ৰ সঙ্কটৰ বিৰুদ্ধে যুদ্ধত ব্যবহৃত কৌশলৰ বাবেও মুখ্যমন্ত্রীগৰাকীৰ প্রশংসা কৰে নদ্দাই। সভাপতিগৰাকীয়ে পুনৰ কয়, “মুখ্যমন্ত্রী নীতিশ কুমাৰে কোভিড-১৯ সংকটৰ সময়ত ৰাজ্যবাসীৰ যত্ন লৈছিল সুচাৰুৰূপে। তেওঁৰ চৰকাৰে আনকি ৰাজ্যৰ বাহিৰত থকা বিহাৰৰ লোকসকলকো সেইসময়ত আৰ্থিক সাহায্য আগবঢ়াইছিল।”

নদ্দাই বিহাৰৰ লোকসকলক আশ্বস্ত কৰিছিল যে, এনডিএ-ই ৰাজ্যত নীতিশ কুমাৰক মুখ্যমন্ত্রী হিচাবে লৈ চৰকাৰ গঠন কৰিব।

ভাষণ প্ৰসংগতে নদ্দাই কংগ্রেছক তীব্র আক্রমণ কৰিছিল আৰু ৰাজ্যখনত এই দলটিয়ে বর্ণবাদ তথা ধর্ম ভিত্তিক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here