হিন্দু জাগৰণ মঞ্চ, গুৱাহাটী মহানগৰৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

0
5

প্ৰাগডেস্ক, গুৱাহাটী, ১২ অক্টোবৰ ২০ঃ ১১ অক্টোবৰত আঠগাঁও স্থিত আলোক ভৱণত হিন্দু জাগৰণ মঞ্চ, গুৱাহাটী মহানগৰৰ দ্বি-বাৰ্ষিক অধিবেশনখন সম্পন্ন হয়৷

মৃনাল দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহণ কৰে হিন্দু জাগৰণ মঞ্চ, উত্তৰ অসম প্ৰান্তৰ সভাপতি মৃনাল কুমাৰ লস্কৰ, আৰ.এছ.এছ-ৰ গুৱাহাটী বিভাগ প্ৰচাৰক ৰাজু মল্লিক, মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধি, অসম লোকোসেৱা আয়োগৰ সদস্য ডঃ নিৰঞ্জন কলিতা, হিন্দু জাগৰণ মঞ্চৰ উপদেষ্টা প্ৰান্তোষ ৰয়, সত্ৰীয়া গৱেষক, সত্ৰাধিকাৰ ঋজু পাঠকে৷

হিন্দু জাগৰণ মঞ্চ, উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ সম্পাদক মহীধৰ কলিতাই আঁত ধৰা মুকলি সভাত প্ৰতিবেদন পাঠ কৰে হিন্দু জাগৰণ মঞ্চ, গুৱাহাটী মহানগৰৰ সাধাৰণ সম্পাদক নয়ন ডাকুৱাই৷

সভাত নৱ নিৰ্বাচিত সদস্যসকলক আদৰণী জনাই হিন্দু জাগৰণ মঞ্চৰ বিভিন্ন কাৰ্যকৰ্তাই৷

আগন্তুক দুবছৰৰ বাবে গুণজিৎ অধিকাৰীক সভাপতি, চন্দন কুমাৰ শইকীয়াক উপ-সভাপতি, মৃনাল দাসক উপ-সভাপতি আৰু নয়ন ডাকুৱাক সম্পাদক হিচাপে লৈ হিন্দু জাগৰণ মঞ্চ, গুৱাহাটী মহানগৰ সমিতিখন ঘোষণা কৰে মৃনাল কুমাৰ লস্কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here