ধমধমা আঙ্গাৰধোৱাৰ চʼকৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ডঃ ৫ লাখ টকাৰ ক্ষতি

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৪ অক্টোবৰ ২০ঃ ধমধমাৰ আঙ্গাৰধোৱা চাৰিআলি চʼকত যোৱানিশা প্ৰায় ১১ বজাত জুৰী ষ্টোৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

জুৰি ষ্টোৰৰ স্বাত্বাধিকাৰী কৰুণা বৈশ্যই জনোৱা মতে, অগ্নিকাণ্ডৰ ফলত প্ৰায় পাঁচ লাখ টকাৰ সামগ্ৰী জ্বলি ছাই হৈ পৰে।

অঞ্চলবাসীৰ সচেতনতাৰ ফলত কোনোমতে ৰক্ষা পৰে ওচৰৰ দোকান।

উল্লেখযোগ্য যে, দোকান বন্ধ কৰি ঘৰলৈ যোৱা আগমুহূৰ্তত স্বত্বাধিকাৰী কৰুণা বৈশ্যই চাকি দিছিল।

গাঁওবাসীয়ে সন্দেহ কৰিছে যে সেই চাকিৰ পৰাই জুই জ্বলি উঠে বুলি সন্দেহ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here