পখিলা খেদাৰ বয়সতে বিদায় ল’লে ধৃতিস্মানে

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা,১৪ অক্টোবৰ ২০ঃ পখিলা খেদাৰ বয়সতে ধৰাৰ পৰা বিদায় ল’লে কণমানি ধৃতিস্মান কলিতাই।

মাত্ৰ দহ বছৰীয়া জীৱন পৰিক্ৰমাত মোহিত কৰিছিল ধমধমা অঞ্চলৰ সকলোকে।

চাৰি বছৰৰ বয়সতে দুৰাৰোগ্য ৰোগৰ লক্ষণ দেখা দিছিল যদিও দুৰাৰোগ্য ৰোগটি ধৰা পৰে মাত্ৰ সাত বছৰ বয়সত।

লগে লগে আৰম্ভ হ’ল চিকিৎসা। গুৱাহাটী কি চেন্নাই, সকলোতে চিকিৎসা কৰিও বিফল হ’ল ধৃতিস্মানৰ পৰিয়াল।

ডাঙৰ মানুহ হোৱাৰ সপোন দেখা ধৃতিস্মানে ধমধমাৰ লিটিল ফ্লাৱাৰ স্কুলত পঢ়িছিল।

ৰঙিয়া কলেজত কৰ্মৰত পিতৃ দীপক কলিতাইও যেন নিষ্ঠুৰ নিয়তিৰ আহ্বান মানি লবলৈ বাধ্য হ’ল।

গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যোৱানিশা প্ৰায় ১১ বজাত ধৰাৰ পৰা বিদায় ল’লে ধৃতিস্মানে।

আজি ধমধমাৰ নিজ বাসগৃহত আগণন লোকে ভিৰ কৰে।

তেওঁৰ মৃত্যুৰ খবৰ পাই বিশিষ্ট সাহিত্যিক ড০ লীনা ডেকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে বাসগৃহত উপস্থিত হৈ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here