মাজবাটত ৰে’লৰ চেপাত বৃদ্ধ লোকৰ মৃত্যু

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৫ অক্টোবৰ ২০ঃ ওদালগুৰি জিলাৰ মাজবাট নগৰৰ মাজমজীয়াত থকা ৰে’লৱে ক্ৰচিংৰ সমীপত আজি এজন বৃদ্ধ লোকৰ ৰে’লৰ চেপাত মৃত্যু হয়।

জানিব পৰা মতে, মাজবাট থানা এলেকাৰ খৰামখা গাঁৱৰ নিবাসী সুৰেন দে ( ৮৭) আজি ৰাতিপুৱা ৭-৩০ বজাত ঘৰৰ পৰা ডাঢ়ি-চুলি কটাবলৈ মাজবাট নগৰলৈ বুলি ওলাই আহিছিল।

মাজবাট নগৰ আহি পায় বৃদ্ধ গৰাকীয়ে দেখে যে চেলুনসমূহ তেতিয়াও খোলা নাই।

পিছত নগৰৰ নিকতবৰ্তী এঘৰ মানুহৰ ঘৰলৈ ৰে’লৱে পথেৰে খোজকাৰি গৈ থকাত পিছফালৰ পৰা ৮-১০ বজাত তীব্ৰ বেগেৰে অহা এখন উজনিমুৱা মালবাহি ৰে’লৰ চেপাত বৃদ্ধগৰাকীৰ থিতাতে মৃত্যু হয়।

বৃদ্ধগৰাকীৰ শ্ৰৱণ শক্তি প্ৰায় নাইকিয়াৰ দৰে হৈছিল যাৰ বাবে তীব্ৰ বেগেৰে অহা ৰে’লৰ শব্দ নুশুনাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

পিছত ৰঙাপৰাৰ পৰা ৰে’লৱে পুলিচ আহি মৃতদেহটো ঘটনাস্থলিৰ পৰা উদ্ধাৰ কৰি তেজপুৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ কৰাই আবেলি মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here