প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৫ অক্টোবৰ ২০ঃ লংকাৰ ইছলাম বস্তি স্থিত বজৰং ছাৰ্ভিছ পেট্ৰল পাম্পত যোৱা কালি নিশা সৃষ্টি হৈছে উত্তেজনাৰ পৰিস্থিতি।
পানী মিহলোৱা পেট্ৰল বিক্ৰী কৰাৰ অভিযোগত ৰাইজে সৃষ্টি কৰিছে উত্তেজনাময় পৰিস্থিতি।
গ্ৰাহকে ক্ৰয় কৰা পেট্ৰলত পানী ওলোৱাৰ পিছত গ্ৰাহকে পেট্ৰল পাম্পটোত ক্ষতিপূৰণ দিয়াৰ দাবীত সৃষ্টি কৰে উত্তেজনাৰ।
ইপিনে পেট্ৰলত পানী থকাৰ কথা স্বীকাৰ কৰিছে পেট্ৰল পাম্পৰ কৰ্মচাৰীয়েও।
এতিয়া পানী মিহলোৱা পেট্ৰল বিক্ৰী কৰা পেট্ৰল পাম্পটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই হ’ব লক্ষনীয় কথা।
Facebook Comments