নলবাৰীত অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৫ অক্টোবৰ ২০ঃ আজি অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱস উপলক্ষে নলবাৰীৰ অগপৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীত উপস্থিত থাকে নলবাৰীৰ অগপৰ নেতা দীলিপ দাস, আনহাতে এই অনুষ্ঠানতে উপস্থিত থাকে অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস।

ইফালে প্ৰতিষ্ঠা দিৱসৰ দিনটোত অগপ নেতা দীলিপ দাসে কয় যে আঞ্চলিকতাবাদৰ দুৰ্গ অগপত ২০১৬ ৰ বিধানসভা নিৰ্বাচনত নলবাৰীৰ তিনিখনকৈ আসন মিত্ৰজোঁত বিজেপিৰ বাবে দিয়া হৈছিল যদিও এইবাৰ নলবাৰী সমষ্টি পুনৰ অগপক দিয়াৰ বাবে দিয়াৰ বাৱে দাবী জনাই দীলিপ দাসে।

প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয়- অগপ দলৰ ভেটি শক্তিশালী হ’বলৈ হলে নলবাৰী শক্তিশালী কৰিবলৈ লাগিব।

আৰু নলবাৰী সমষ্টি ৰখাৰ চেষ্টা চলাইছে বুলি জনাই অগপৰ প্ৰাক্তন সাংসদ গৰাকীয়ে।

লগতে কয় যে আঞ্চলিক শক্তি ভাগ ভাগ হ’লে অসমৰে ক্ষতি হ’ব বুলিও মন্তব্য কৰে।

আনহাতে বিতৰ্কিত ‘কা’ আইনক লৈ অগপ দলে আপোচ নকৰে বুলিও কয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here