নলবাৰীৰ ভেলামাৰীত বুথলৈ যাও আহক শীৰ্ষক অনুষ্ঠান

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৫ অক্টোবৰ ২০ঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ তত্বাৱধানত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ১৯ নং চটাইবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ “বুথলৈ যাও আহক ” শীৰ্ষক অভিযান।

কংগ্ৰেছ কৰ্মী তফাজুল আলী আঁতধৰা আৰু ১৯ নং চটাইবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি বিপুল বড়ো সভাপতিত্ব কৰা দলীয় সভাখনত উপস্থিত থাকি ভাষণ ৰাখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞা, বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ভূৱনেশ্বৰ কলিতা সভাখনত উপস্থিত থাকে নলবাৰী জিলা ইয়ংগ বিগ্ৰেডৰ সাধাৰণ সম্পাদক পুতুল হক চৌধুৰী, সম্পাদক নিতুল বৈশ্য, নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰুবুল আহমেদ ,চামচুল আলম, বড়িগোগ বনভাগ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ওচমান আলী, বড়িগোগ বনভাগ ব্লক ইয়ংগ বিগ্ৰেডৰ সভাপতি ইংকু পাটোৱাৰী, যুৱ কংগ্ৰেছ কৰ্মী প্ৰদীপ কলিতাৰ লগতে কংগ্ৰেছৰ বহুকেইজন নেতা কৰ্মী।

উক্ত অনুষ্ঠানৰ শেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞাই ১৯ নং চটাইবাৰী মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত বহুকেইজন অসুস্থ ব্যক্তিৰ ঘৰত গৈ খবৰ লয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here