মাজবাটত হোণ্ডা চি ভি এছ গাড়ীসহ ৭৪ কেজি ভাং জব্দঃ দ্ৰাইভাৰৰ পলায়ন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৬ অক্টোবৰ ২০ঃ ওদালগুৰি জিলাৰ মাজবাটৰ ওৰাং-ৰূপা পথৰ বাহীপুখুৰী চাহ বাগিচাৰ কাষৰ পৰা আজি হোণ্ডা চিভিছ গাড়ীসহ ৭৪ কেজি ভাং জব্দ কৰে।

জানিব পৰা মতে, ৰাতিপুৱা ৪-৩০ মান বজাত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ আৰু এছ আই ৰোহিৎ কুমাৰ চেত্ৰীৰ নেতৃত্বত মাজবাটৰ বাহীপুখুৰী চাহ বাগিচাৰ ওচৰত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে অৰুণাচলৰ পৰা মাজবাট অভিমুখে আহি থকা এখন হোণ্ডা চিভিছ গাড়ী দেখা পায়।

গাড়ীৰ ভিতৰত থকা লোকে পুলিচৰ তালাচী দেখা পায় কিছু দূৰৈত গাড়ীখন এৰি গাড়ীৰ ভিতৰত থকা লোকসকল বাগিচাৰ মাজেৰে পলায়ন কৰে।

পিচত আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাত গাড়ীৰ ভিতৰত তিনি বস্তা ভাং দেখা পায়।

আৰক্ষীয়ে গাড়ীসহ ভাংখিনি থানালৈ লৈ আহে আৰু ৯০/২০২০/২০(৬)(২চি) এন ডি আৰ এছ এক্টত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

জব্দ কৰা ভাংখিনিৰ ওজন ৭৪ কেজি আৰু গাড়ীখনৰ নম্বৰ এ এছ ০১ এ জি ৫৫৬৬।

হোণ্ডা চিভিছ গাড়ীখন কামৰূপ জিলাৰ কাঞ্চন মোৰ স্বাভাৰৱাল, হৰীশ ষ্টিল এগ্ৰো ইণ্ডাষ্ট্ৰিৰ নামত পঞ্জীয়ন আছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here