ডাম্পাৰে বৈদ্যুতিক তাঁৰ বিছিন্ন কৰাক লৈ উতপ্ত পৰিস্হিতি

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৬ অক্টোবৰ ২০ঃ লংকাৰ দুই নং ৰেলগেটৰ সমীপত নিশা সৃষ্টি হয় ‌উতপ্ত পৰিস্হিতি।

ডাম্পাৰে বৈদ্যুতিক তাঁৰ বিছিন্ন কৰাক লৈ এই উতপ্ত পৰিস্হিতি।

লংকা চহৰৰ প্ৰবেশ পথৰ এক আৰু দুই নং ৰে’ল গেটৰ ক্ৰচিংত নিৰ্মাণ হৈ আছে উৰণীয়া সেঁতুৰ কাম।

দিনে-নিশাই পূৰ্ণদমে চলি আছে দুয়োটা ক্ৰচিংতেই উৰণীয়া সেঁতুৰ কাম।

লংকাৰ দুই নং ৰে’ল গেটৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কামত ব্যৱহৃত ডাম্পাৰ গাড়ীয়ে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত মাটি পেলাবলৈ গৈ বৈদ্যুতিক তাঁৰ চিঙাক লৈ স্হানীয় ৰাইজে দুই নং ৰে’ল গেটৰ সমীপত নিশা পৰিস্হিতি উতপ্ত কৰে।

স্হানীয় ৰাইজ আৰু উৰণীয়া সেঁতু নিৰ্মাণ কৰ্তৃপক্ষৰ মাজত হয় তৰ্কা-তৰ্কি। পিছত স্হানীয় আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্হিত হোৱাত পৰিস্হিতি শান্ত হয়।

উল্লেখ যে,দুই নং ৰে’লগেটৰ নিৰ্মাণৰ কামত ব্যৱহৃত ডাম্পাৰ গাড়ীখনে নিশা লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত মাটি পেলোৱাৰ সময়ত ডাম্পাৰৰ ধলাখন বহু সময় উঠাই দ্ৰুত বেগেৰে আহিব খোজোতেই ওপৰত থকা ৪৪০ ভল্টৰ বৈদ্যুতিক তাঁৰত ধলাখন লাগি বৈদ্যুতিক তাঁৰডাল বিছিন্ন হয়।

তাঁৰডাল বিছিন্ন হোৱাত প্ৰচণ্ড শব্দ হোৱাৰ লগতে নিৰ্গত হয় জুই। কথমপি ৰক্ষা পৰে স্হানীয় লোক।

উক্ত ঘটনাৰ পিছত কাষৰীয়া বহু লোকৰ ঘৰৰ টিভি, ফ্ৰিজ, এচি বিকল হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here