লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত ১৮ অক্টোবৰত অনুষ্ঠিত হ’ব হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৭ অক্টোবৰ ২০ঃ যুৱ শক্তি-ৰাষ্ট্ৰ শক্তি।

হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত লংকাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা।

অহা ১৮ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব উক্ত কাৰ্যনিৰ্বাহ সভাখন।

উক্ত সভাৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে জিলা বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে।

হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতাৰ সভাপতিত্ব হ’বলগীয়া উক্ত কাৰ্যনিৰ্বাহ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মন, বিজেপি ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্লৱ বৰুৱা আৰু জয়ন্ত কুমাৰ দাস, বিজেপি ৰাজ্যিক সভাপতি দিপ্লু ৰঞ্জন শৰ্মা আৰু বিজেপি ৰাজ্যিক মুখপত্ৰ সুৰঞ্জন দাস।

লগতে উক্ত অনুষ্ঠানত বিজেপি দলৰ কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব বুলি জিলা যুৱ মৰ্চাৰ সভাপতিয়ে জানিব দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here