শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱক সোঁৱৰণ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৭ অক্টোবৰ ২০ঃ অসমীয়া ভাষা সাহিত্যৰ পথ প্ৰদৰ্শক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশু সাহিত্য, ইতিহাস, অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ অৱদান অতুলনীয়৷

আনহাতে কৃপাবৰ বৰুৱা ছদ্মনামত সাহিত্যৰথী গৰাকীয়ে “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি নিজকে সমাজ সংস্কাৰক ৰূপেও চিনাকি দি গৈছে ৷

অসমীয়া ভাষা সাহিত্যৰ এই মহীৰূহগৰাকীৰ ১৫৬ সংখ্যক জন্মদিৱস উপলক্ষ্যে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু বেজবৰুৱা বংশ সদনৰ সদস্যসকলৰ সহযোগত ১৪ অক্টোবৰত শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানস্থিত বেজবৰুৱা বংশ সদনৰ দ্বাৰা নিৰ্মিত বেজবৰুৱা দেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ উদ্‌যাপন কৰা এই কাৰ্যসূচীত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তথা বিশিষ্ট চিত্ৰ-আলোকচিত্ৰ শিল্পী জীতেন কাকতি, উপ-সভাপতি তথা জ্যেষ্ঠ শিল্পী অনামিকা কলিতা, প্ৰধান সম্পাদক অমৃত শৰ্মা, সাংস্কৃতিক সম্পাদক ক্ৰমে প্ৰবীন বৰুৱা, অংকুৰীমা বৰুৱাৰ লগতে নাট্যকাৰ-পৰিচালক সঞ্জীৱ বৰা আৰু অসমীয়া বোলছবি জগতৰ উদীয়মান প্ৰযোজক কুবেৰ ৰাজ বৰদলৈ উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here