ধমধমাত বাইক আৰোহীয়ে চাইকেল আৰোহীক খুন্দিয়াই পলায়ন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৭ অক্টোবৰ ২০ঃ আজি সন্ধিয়া প্ৰায় ৫ বজাত নলবাৰী জিলাৰ ধমধমাতৰ ভেলামাৰী চʼকত এজন উদণ্ড বাইক আৰোহীয়ে চাইকেল আৰোহীক খুন্দিয়াই পলায়ন কৰে।

নলবাৰী অভিমুখে তীব্ৰ বেগেৰে অহা পালছাৰ বাইকখনে ধমধমা অভিমুখে অহা চাইকেল আৰোহীক খুন্দিয়াই দিয়াত চাইকেলসহ জয়নাল আলী পথাৰত বাগৰি পৰে।

বাইক আৰোহীজনক কোনোৱে চিনাক্ত কৰিব পৰা নাই।

জয়নাল আলীৰ এজন বন্ধুৱে জয়নালক ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বেও ধমধমা-নলবাৰী পথত উদণ্ড বাইক আৰোহীয়ে চাইকেল আৰোহীক খুন্দিয়াইছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here