এইচডিএফচি বেংকৰ দ্বাৰা পৰিচালিত শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰৰ বাবে “মাইপ্ৰেয়াৰ এপ” মুকলিঃ ক’ভিড-১৯ মহামাৰীৰ বাবে যাত্ৰা প্ৰতিবন্ধকতাৰ হেতু সকলোকে লাইভ দৰ্শন আৰু দানৰ সুবিধা প্ৰদানৰ এপ’

0
11

প্ৰগাজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৯ অক্টোবৰ ২০ঃ নিজৰ একক প্ৰচেষ্টাত শ্ৰী মাতা বৈষ্ণো দেৱী তীৰ্থ বোৰ্ডে এইচডিএফচি বেংকৰ দ্বাৰা পৰিচালিত নিজা ‘এপ’ মুকলি কৰিছে।

এইচডিএফচি বেংকৰদ্বাৰা পৰিচালিত মাইপ্ৰেয়াৰ এপ’ (myPrayer app)ৰ দ্বাৰা বেংকৰ নিজা এছমাই এপ'(smyApp) ৰেঞ্জৰ ভক্তসকলে লাইভ দৰ্শন আৰু আৰতি চোৱাৰ সুযোগ লাভ কৰিব।

ইয়াৰ উপৰিও দান আগবঢ়াব পাৰিব আৰু প্ৰসাদ ঘৰৰ দুৱাৰ মুখতে সহজে লাভ কৰিব।

এই এপ’টো ‘মাতা বৈষ্ণো দেৱী’ৰে পৰিচিত, যিটো উৎসৱ বতৰৰ প্ৰাকক্ষণত মুকলি কৰা হৈছে। ইয়াৰ দ্বাৰা সেই লাখৰ সংখ্যাৰ শ্ৰদ্ধালু উপকৃত হ’ব, যিসকলে পৰম্পৰাগতভাৱে মন্দিৰলৈ আহে কিন্তু ক’ভিড-১৯ মহামাৰীৰ বাবে যাত্ৰা নিষিদ্ধ হোৱাৰ বাবে এইবাৰ দৰ্শন কৰাত অসমৰ্থ হ’ব।

এই এপ’টো ডিজিটেলৰ জৰিয়তে অনুষ্ঠানিকভাৱে মুকলি কৰে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই। তেওঁ শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন(Shrine) বৰ্ডৰ অধ্যক্ষও।

এই এপ’ সম্পৰ্কে এইচডিএফচি বেংকৰ গভৰ্ণমেণ্ট আৰু ইনষ্টিটিউচনেল বিজিনেছ, ই-কমার্চ আৰু ষ্টাৰ্ট-আপছ (Start-ups) ৰাষ্ট্ৰীয় প্ৰমুখ স্মিতা ভগত (Smita Bhagat)এ কয়- ‘আমি মাতা বৈষ্ণো দেৱী মন্দিৰৰ বাবে মাইপ্ৰেয়াৰ এপ’ স্থাপিত কৰিবলৈ পায় সুখী হৈছোঁ আৰু লক্ষ্যাধিক লোকৰ সেৱাৰ বাবে হওক এপ’টো।

এই এপ’টো গুগ’ল প্লেষ্ট’ৰ (Google Playstore)ৰ পৰা ডাউনলোড কৰিব পাৰিব। যিটো সম্পূৰ্ণৰূপে বৈষ্ণো দেৱী মন্দিৰৰ বাবে তৈয়াৰ কৰা হৈছে।

#myPrayer এপ’টো বেংকৰ #myApps ৰেঞ্জৰ অংশ, যি বগা চুইট লেবল এপ’। যিয়ে ধাৰ্মিকস্থল, পৌৰনিগম, হাউছিং ছ’চাইটি, স্মাৰ্টচিটি, ক্লাবৰ উপৰি জিমখানাৰ পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণৰূপে ডিজিটাইজ কৰি তোলাত সক্ষম।

এই এপ’টো বেংক কৌশলৰ এক অংশ, যিয়ে বেংকিং কাৰ্যক পৰৱৰ্তী স্তৰলৈ ডিজিটেলকৰণ কৰি আগুৱাই নিয়াত গুৰুত্ব প্ৰদান কৰে।

মাতা বৈষ্ণো দেৱীৰ প্ৰতি উৎসৰ্গিত এই তীৰ্থস্থান তিনিটা শৃংগযুক্ত পাহাৰৰ ভাঁজত অৱস্থিত, যাৰ নাম ত্ৰিকুটিন জম্মু-কাশ্মীৰ।

ভৌগলিক প্ৰত্যাহ্বান আৰু মহামাৰীৰ বাবে যাত্ৰাৰ প্ৰতিবন্ধকতাবোৰৰ প্ৰতি লক্ষ্য লক্ষ্য ৰাখি মুকলি কৰা এই এপ’টোৱে দেৱতাসকলৰ সকলো পূজাৰীক লাভম্বিত কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here