ৰাজ্যত পুণৰ জঘণ্য ধৰ্ষণ কাণ্ডঃ লংকাৰ উদালীত ধৰ্ষণৰ বলি ছয় বছৰীয়া দেৱশিশু

0
17

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২১ অক্টোবৰ ২০ঃ ৰাজ্যত তথা দেশত বিভিন্ন ধৰ্ষণৰ ঘটনাবোৰৰ চাঞ্চল্য মাৰ নৌযাওঁতে পুণৰ এক লজ্জাজনক ধৰ্ষণ কাণ্ড সংঘটিত হ’ল হোজাই জিলাৰ লংকাত।

উলেখ্য যে,হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত উদালীত পুনৰ কামনাৰ বলি হৈছে এটি ছবছৰীয়া দেৱ শিশু।

ধৰ্ষণ কৰিলে নিজ খুৰাকে। লম্পট খুৰাকজনৰ নাম নাজিৰ হুছেইন।

নাজিৰ হুছেইন নামৰ এই নৰাধমৰ কামনাৰ বলি হৈছে ছয়বছৰীয়া দেৱ শিশু এটি।

প্ৰাপ্ত তথ্য অনুসৰি ধৰ্ষনকাৰী লম্পটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি লংকা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here