বিধায়ক শিবু মিশ্ৰৰ লামডিং সমষ্টিৰ অন্তৰ্গত, উন্নয়ণে ধুকি নোপোৱা এটা বৃহৎ অঞ্চলৰ কাহিনী

0
11

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২১ অক্টোবৰ ২০ঃ লামডিং সমষ্টিৰ খাগৰিজান গাঁও পঞ্চায়তৰ লালমাটি শোণিতপুৰৰ বৃহৎ অঞ্চলটোৰ দুৰ্দশা দেখিলে হতভম্ব হৈ পৰিব সাধাৰণ ৰাইজ।

একবিংশ শতিকাতো উন্নয়ণে ঢুকি নোপোৱা উক্ত অঞ্চলটোত নাই এটুপি বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা, নাই বাট-পথ, নাই বৈদ্যুতিক সংযোগ।

ফলত স্হানীয় ৰাইজ বৰ্তমানো বঞ্চিত এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত।

আদিম কালৰ মানুহৰ দৰে স্হানীয় ৰাইজে মাটি খান্দি পানী উলিয়াই তাকে খাই জীয়াই থাকিব লগা হৈছে।

পোক-পতংগ পৰি থকা উক্ত পানী খাই অঞ্চলটোৰ বহু লোক অচিন বেমাৰত আক্ৰান্ত হৈ মৃত্যু মুখতো পৰিবলগীয়া হৈছে।

আনহাতে আকৌ, উক্ত অঞ্চলটোত নাই কোনো বাট-পথৰ সু-ব্যৱস্থা।

লুং-লুঙীয়া বাটেৰেই আজিও অহা-যোৱা কৰে উক্ত অঞ্চলটোৰ ৰাইজে। ফলত বাট-পথ নথকাৰ বাবে জৰুৰীকালীন সেৱাত ব্যৱহৃত এম্বুলেন্স বাহনো যাব নোৱাৰে উক্ত অঞ্চলটোলৈ।

আনকি উক্ত অঞ্চলটোৰ লোকৰ ঘৰত নাই বিজুলী বাঁতিৰ ব্যৱস্হা। প্ৰায় পোন্ধৰ হাজাৰ লোকে বসবাস কৰা উক্ত অঞ্চলটোৰ ৰাইজে যোৱা নিৰ্বাচনত ভোট বিচাৰিবলৈ যোৱাৰ পিছৰ পৰা আজি পৰ্যন্ত দেখা নাই নিজ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক।

বিধায়কগৰাকীৰ সময়েই নাই নিজ সমষ্টিৰ দুৰ্ভগীয়া গ্ৰাম্য অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here