শিৱসাগৰত ৮৯ তম্‌ বাৰোৱাৰী দুৰ্গা পূজাৰ আয়োজন

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ বিশেষ প্ৰতিবেদক, ২২ অক্টোবৰ ২০ঃ ঐতিহাসিক শিৱসাগৰ জিলাৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ উদ্যোগত ২১ অক্টোবৰ পৰা ২৬ অক্টোবৰলৈ কালি প্ৰসাদ সোঁৱৰণী ভৱনত বৰ্তমান চলি থকা ক’ভিড-১৯ মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰে জাৰি কৰা নীতি নিয়ম অনুযায়ী অনুষ্টুপিয়াকৈ পুজা ভাগ আয়োজন কৰা হৈছে।

আনহাতে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বাৰোৱাৰী পূজা সমিতিৰ ভগ্নী অনুষ্ঠান “বাৰোৱাৰী মহিলা মঞ্চ” ই শ্ৰীশ্ৰী দুৰ্গা পূজাৰ লগত সংগতি ৰাখি, ক’ৰ’ণা সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, শিৱসাগৰ জিলা ভিত্তিত উৰুলি, শংখধ্বনি আৰু স্তোত্ৰ পাঠৰ অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

উল্লেখযোগ্য যে, দুৰ্গা পূজাৰ মহানৱমীৰ দিনা দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত বিজয়ী প্ৰতিযোগীসকলক নগদ ধন আৰু মানপত্ৰসহ পুৰস্কাৰ প্ৰদান কৰা হ’ব৷

পুৰষ্কাৰসমূহ বাৰোৱাৰী পূজা সমিতিৰ মূল মণ্ডপৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

সকলো ভক্তপ্ৰাণ ৰাইজে এই মহৎ উদ্দেশ্যত সহায় সহযোগিতা আগবঢ়াই পূজা ভাগি সাফল্যমণ্ডিত কৰিব বুলি পূজা সমিতিৰ হৈ মনোজ ভাগৱতীয়ে আশা কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here