দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত বিজাণু প্ৰতিৰোধক সপ্তাহ পালন

0
28

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২২ অক্টোবৰ ২০ঃ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ উদযাপন কৰা কৰে৷

মিৰ্জা স্হিত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বুধবাৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷

অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে মহানগৰীৰ টিবি হাস্পতালৰ জ্যেষ্ঠ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ কনক চন্দ্ৰ তালুকদাৰে উপস্থিত থাকি ভাষণ প্ৰদান কৰি কয় যে কভিড-১৯ক মানুহে সহজভাৱে লোৱা উচিত নহয়৷

কিয়নো যিটো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আজিলৈকে ভেকচিন ওলোৱা নাই৷ ভেকচিন উপলব্ধ নোহোৱালৈকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় সাবধানতা আৰু সজাগতা৷

ইয়াৰ বাবেই প্ৰত্যেক ব্যক্তিয়ে সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰা অতি জৰুৰী বুলি ডা° তালুকদাৰে উল্লেখ কৰে৷ তেওঁ লগতে বিজানু পৰা নিজকে বচাই চলিবলৈ প্ৰতিগৰাকী নাগৰিকক ছেনিটাইজাৰ বা চাবোনৰে হাত ধুবলৈ আহ্বান জনায়৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ গজেন্দ্ৰ অধিকাৰীয়ে বক্তব্য প্ৰদান কৰি কয় যে ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ হ’লে আমি নিজে পৰিস্কাৰ-পৰিচন্ন হ’ব লাগিব৷

বিশেষকৈ মানুহৰ হাতেৰে বিজানু শৰীৰৰ অন্য অংগলৈ বিয়পি পৰে৷ সেয়া হাত পৰিস্কাৰ কৰি ৰখা অতিকৈ আৱশ্যক বুলি ডাঃ অধিকাৰীয়ে কয়৷

তেওঁ লগতে কয় যে ক’ৰ’ণা ভাইৰাছৰ পৰা আমি এতিয়াও পৰিত্ৰাণ পোৱা নাই৷ যেতিয়ালৈকে মেডিচিন উপলব্ধ নহয় সেই সময়লৈকে কঠিনতাৰে সাৱধনতা অৱলম্বন কৰিব লাগিব বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে৷

তেওঁ বিজাণু প্ৰতিৰোধ সন্দৰ্ভত বহলাই বাখ্যা কৰে৷ ইপিনে পগ্ৰেম অফিচাৰ তথা অধ্যাপিকা ড°মিতালী কাঠকটীয়াই অনুষ্ঠানৰ আঁতধৰে৷

উল্লেখ্য যে মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষাৰ্থী সহ প্ৰায় শতাধিক ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here