‘এনাজৰী’ৰ শাৰদীয় বিশেষ অনুষ্ঠান কঁহুৱা কোমল জোনাক মায়াৰে

0
47

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ পৰা মুকুল বাইলুং, ২২ অক্টোবৰ ২০ঃ বিশ্বৰ এই সংকটকালীন পৰিবেশৰ মাজতে নিজকে জুমি চোৱা আৰু নিজকে বিচাৰি পোৱাৰ হেঁপাহত শিৱসাগৰ জিলাৰ অন্যতম সাহিত্য-সাংস্কৃতিক গোষ্ঠী এনাজৰীৰ শাৰদীয় বিশেষ অনুষ্ঠান “কঁহুৱা কোমল জোনাক মায়াৰে” শিক্ষক তথা সমাজকৰ্মী নিৰোদ গগৈৰ বাসগৃহত ২১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যায়৷

অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নিৰোদ গগৈৰ মাতৃ সুমিত্ৰা গগৈয়ে৷

বিশিষ্ট চিত্ৰশিল্পী তথা এনাজৰীৰ সভাপতি ৰিদিপ বৰুৱা আৰু শিক্ষক তথা সাহিত্য বিভাগৰ সম্পাদক মাধুৰ্য্য চেতিয়াই আঁতধৰা অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ৰংপুৰ বাৰ্তাৰ মুখ্য সম্পাদক, সমাজকৰ্মী ব্ৰজেন ফুকন, সমাজকৰ্মী আকাশ দুৱৰী, সাংবাদিক মিন্টু চাংমাই, মুকুল বাইলুং, সমাজকৰ্মী তথা বেংক বিষয়া প্ৰমোদ গগৈ, বিদ্যাভৱন ডিমুৱালৰ অধ্যক্ষা পদ্মা গগৈ, সমাজকৰ্মী জিন্টু আৰন্ধৰা৷

সাহিত্য-সাংস্কৃতিক দিশৰ লগত জড়িত কেইবাগৰাকীও স্থানীয় ব্যক্তিৰ উপস্থিতিয়ে জীপাল কৰা অনুষ্ঠানটোত স্বৰচিত কবিতা পাঠ কৰে কবি, গল্পকাৰ তথা এনাজৰীৰ সম্পাদক পংকজ শইকীয়া, কবি শান্তনু কোঁৱৰ, কবি পৰেশ হাতীমূৰীয়া, কবি অনুপম হাতীমূৰীয়া, কবি মামু দুৱৰী, ছবি ফুকনে, গল্প পাঠ কৰে শিল্পীপ্ৰিয়া চেতিয়াই৷

এনাজৰীৰ উপ-সভাপতি প্ৰশান্ত কোঁৱৰ, সহঃ সম্পাদক সমুদ্ৰ দুৱৰী আৰু সদস্য ক্ৰমে সমীপ গগৈ, উদিত চেতিয়া আৰু বিতু গগৈৰ ৰসাল বক্তব্যৰে জীপাল হোৱা অনুষ্ঠানটিত শিশু শিল্পী নয়না গগৈ, মনময়ুৰ গগৈ, ৰিংকী হাজৰিকা, চোহানী গগৈ আৰু কৃষ্টিনা দিহিঙ্গীয়া আৰু স্থানীয় শিল্পী ৰিতু প্ৰিয়ম, মধুস্মৃতা হাজৰিকা, জ্যোতিকা গগৈয়ে গীত পৰিবেশন কৰাৰ লগতে জোনামণী গগৈৰ নেতৃত্বত এটি দিহানাম আৰু দেৱজানী হাটীমুৰীয়াই এটি বৰগীত পৰিবেশনেৰে জীপাল কৰা অনুষ্ঠানটিত সমাজলৈ কৰ্মসংস্কৃতিৰে স্বনিয়োজনৰ বাট দেখুৱাই নৱ প্ৰজন্মক উদ্বুদ্ধ কৰা পাঁচ গৰাকী ব্যক্তিক সম্বৰ্দ্ধন জনোৱা হয়৷

শেষত এনাজৰীৰ অন্যতম সদস্য তথা গৃহস্থ নিৰোদ গগৈয়ে আগবঢ়োৱা শলাগৰ শৰাইয়েৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here