গুৱাহাটী প্ৰেছ ক্লাবৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৩১ অক্টোবৰ ২০ঃ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নৱ নিৰ্বাচিত কমিটিয়ে।

অহা শিক্ষা বৰ্ষৰ পৰা মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূল্যে অধ্যয়নৰ সুবিধা লাভ কৰিব প্ৰেছ ক্লাবৰ সদস্যৰ শিশুৱে।

উল্লেখযোগ্য যে কৰ্তব্যৰত অৱস্থাত জটিল ৰোগত আক্ৰান্তহৈ মৃত্যু, স্বাস্থ্যজনিত কাৰণত আৰ্থিক দীনতাত ভোগা তথা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়াল পোহপালত অসুবিধাৰ সন্মুখীন হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যৰ সন্তানে লাভ কৰিব এই সুবিধা।

সাংবাদিকৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত যাতে বাধাৰ সন্মুখীন নহয় সেয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে।

আনহাত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ অ’ফিচিয়েল ৱেবচাইটো আনুষ্ঠানিকভাৱে http://www.gauhatipressclub.com মুকলি কৰে।

উল্লেখযোগ্য যে শিশু শিক্ষাৰ ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাৱক সহযোগিতা কৰা বিদ্যালয় সমূহৰ হ’ল ক্ৰমে-
অসম জাতীয় বিদ্যালয়, ৰয়েল গ্ল’বেল স্কুল,মাৰিয়াছ পাব্লিক স্কুল,ছাউথ পইণ্ট স্কুল,ইন্টাৰনেশ্যনেল স্কুল, গুৱাহাটী,গুৰুনানক হাইস্কুল
,চেইণ্ট বিবেকানন্দ ইংলিছ একাডেমি,হেপি মন্টেছৰী হাইস্কুল,গুৱাহাটী পাব্লিক স্কুল আৰু চোভিনীয়েৰ ছেকেণ্ডাৰী স্কুল,মডাৰ্ণ ইংলিছ হাইস্কুল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here