লংকাৰ লামডিং বনাঞ্চলত ডিব্ৰুগড়ৰ পৰা নগাঁওলৈ ভাড়ালৈ অহা গাড়ী চালকক মাৰপিত কৰি গাড়ীলৈ উধাও দুৰ্বৃত্ত

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২ নবেম্বৰ ২০ঃ লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং বনাঞ্চলৰ মাজত সংঘটিত হয় এক ডকাইটি কাণ্ডৰ ঘটনা। দুৰ্বৃত্তৰ এটি দলে ডিব্ৰুগড়ৰ পৰা ভাড়ালৈ অনা মালবাহী গাড়ীৰ চালকক মাৰপিত কৰি, লামডিং বনাঞ্চলত পেলাই,গাড়ী লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো।

আঘাট প্ৰাপ্ত চালকজনৰ নাম ৰাহুল। ঘৰ ডিব্ৰুগড়ত। চুৰি হোৱা বলেৰ’ পিক‌আপ ভানখনৰ নম্বৰ এএছ ০৬ বিচি ৫১৬৩।

ঘটনা সন্দৰ্ভত গাড়ী চালকজনৰ ভাষ্য অনুসৰি জানিব পৰা মতে, ৰাহুল নামৰ বলেৰ’পিক আপ ভানৰ চালকজনক দুজন ব্যক্তিয়ে ডিব্ৰুগড়ৰ পৰা নগাঁওলৈ ঘৰৰ বয়-বস্তু অনাৰ বাবে লৈছিল ভাড়ালৈ।

পিছত নগাঁও বাইপাছ পোৱাত, লংকাতো ঘৰৰ আন বয়-বস্ত আছে বুলি দুই দুৰ্বৃত্তই, প্ৰৰোচনা কৰি লংকাৰ দিশে গাড়ীখন লৈ আহে।

পিছত বলেৰ পিক আপ ভানৰ চালকজনৰ পথ চিনি নোপোৱাৰ সুযোগ লৈ লংকা পোৱাৰ পিছত দুৰ্বৃত্ত‌ৰ দলটোৱে আৰু লগৰ কেইজনমানক গাড়ীতেই উঠাই নিশা লংকা-লামডিং সংযোগী পথেৰে বনাঞ্চলৰ দিশে লৈ যায়।

বনাঞ্চলৰ ঘন অৰণ্য পোৱাৰ পিছত গাড়ী চালকজনক দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে চকুত আৰু পিছত ডিঙিত পিছফালৰ পৰা চেপি মাৰপিট কৰি গাড়ীৰ পৰা নমাই লামডিং বনাঞ্চলত পেলাই থৈ গাড়ী লৈ উধাও হয়।

পিছত ৰাহুল নামৰ গাড়ী চালকজনৰ পূৱা চেতনা অহাত, খোজকাঢ়ি লংকাত উপস্হিত হৈ লংকা মালবাহী বাহন সন্থাৰ সহায় লৈ লংকা আৰক্ষীক জনোৱাৰ লগতে লংকা প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত চিকিৎসা কৰাই। ঘটনা সংঘটিত হৈছিল ৩১ অক্টোবৰৰ ৰাতি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here