প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা,৪ নবেম্বৰঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে যোৱা ২৯ অক্টোবৰত জাৰি কৰা এক জাননী যোগে নৱ-ৰূপত স্বয়ম আঁচনিৰ অধীনত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ অধীনস্থ ৬ (ছয়) মাহৰ ঠিকা ভিত্তিত দুটা (অসংৰক্ষিত) “স্বয়ম সহায়ক” পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীসকলক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান কৰিছে।
“স্বয়ম সহায়ক” পদ পূৰণৰ বাবে অহা ৬ নৱেম্বৰত জিলা উপায়ুক্ত কাৰ্যালয়ত পুৱা ১০ বজাৰ এই পৰা সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব।
এই পদৰ বাবে আবেদনকাৰী শিৱসাগৰ জিলাৰ স্থায়ী আৰু বৰ্তমানৰ বাসিন্দা হ’ব লাগিব আৰু লগতে প্ৰাৰ্থীৰ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত দখল থকাৰ উপৰিও নিজস্ব লেপটপ থকাটো বাঞ্চনীয়।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক হোৱাৰ লগতে এবছৰৰ কম্পিউটাৰৰ ডিপ্লমাধাৰী হ’ব লাগিব।
পূৰ্বৰ অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ অধিক হ’ব লাগিব।
এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক মাহিলী ২৫,০০০ টকাৰ নিৰ্দ্ধাৰিত পাৰিশ্ৰমিক প্ৰদান কৰা হ’ব।
সাক্ষাৎকাৰত অংশগ্ৰহণ কৰাৰ বাবে কোনো ভ্ৰমণ বানচ দিয়া নহ’ব।
নিৰ্বাচিত প্ৰাৰ্থীয়ে নৱ-ৰূপত স্বয়ম আঁচনিৰ অধীনত জিলাখনত চলি থকা কাম-কাজত প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব।
সাক্ষাৎকাৰত অংশগ্ৰহণ কৰাৰ সময়ত প্ৰাৰ্থীয়ে অসম গেজেটৰ নিৰ্দ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি আনিব লাগিব।
লগতে ঠিকনা, ফোন নম্বৰ তথা ই-মেইল আই. ডি. সন্নিৱিষ্ট বায়’ডাটা তথা দুখন পাছপ’ৰ্ট আকাৰৰ ফটো জমা দিব লাগিব।
তদুপৰি প্ৰাৰ্থীয়ে বয়স, ঠিকনা, শিক্ষাগত অৰ্হতা তথা অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ অনাটো জৰুৰী।
‘বাৰ্তাপখিলী’য়ে উদ্যোগ লোৱা আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ স্মৃতিত পৰিয়ালে সহযোগ কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ আগবাঢ়ি অহাৰ বাবে বাৰ্তাপখিলী আৰু গোপাল জালান পৰিয়ালক আনুষ্ঠানিকভাৱে শলাগ জনাই ড॰ অমৰজ্যোতি চৌধুৰীয়ে।
সভাত বঁটাপ্ৰাপক ড॰ ৰূপশ্ৰী বৰাই ভাষণ প্ৰসংগত কয় যে গভীৰ অন্তৰাত্মাৰ জৰিয়তে লেখাখিনি লিখিবলৈ চেষ্টা কৰোঁ।
এই সন্মান প্ৰদানে মোৰ দায়িত্ব বঢ়ালে বুলিও মন্তব্য কৰে।
সভাতে আলোচনীখনিক বিশেষভাৱে সহযোগ আগবঢ়াই অহা দীপজ্যোতি বৰুৱা আৰু তপন দত্তক বাৰ্তাপখিলীৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।
উল্লেখ্য যে এই বঁটাত আছে ২১,০০০ (একৈশ হাজাৰ) টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ।