অর্ণব গোস্বামীক ১৪ দিনেৰ বাবে কাৰাগাৰলৈ প্রেৰণঃ আদালতে খাৰিজ কৰিলে মহাৰাষ্ট্ৰ পুলিচৰ জিম্মাৰ আবেদনঃ গোস্বামীৰ উকীলৰ মতে,পুলিছৰ জিম্মাৰ আবেদন প্রত্যাখ্যান এক জয়

0
5

প্ৰাগডেস্ক,৫ নৱেম্বৰ ২০ঃ ৰিপাব্লিক টিভিৰ প্রচাৰক তথা সম্পাদক অর্ণব গোস্বামীক যোৱাকালি মহাৰাষ্ট্রৰ এখন আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে। গোস্বামীকে বুধবাৰৰ পূৱা মুম্বাইৰ তেওঁৰ বাসগৃহৰ পৰাই এজন আর্কিটেক্ট অন্বেয় নায়ক আৰু তেওঁৰ মাতৃৰ আত্মহত্যাৰ সম্পৰ্কত তেওঁলোকৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৮ চনতো এই সন্দৰ্ভত গ্রেপ্তাৰ কৰা হৈছিল যদিও পূর্ববর্তী চৰকাৰৰ অধীনত এই কেছটো বন্ধ কৰি দিয়া হৈছিল কিন্তু ভূক্তভোগীৰ আবেদনত সম্প্রতি পুণৰ কেছটো খোলা হৈছিল।

আলিবাগৰ এক আদালতত হাজিৰ কৰোৱাৰ সময়ত পুলিছে ১৪ দিনৰ বাবে গোস্বামীক পুলিচৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এই দাবী প্রত্যাখ্যান কৰি তেওঁক ১৪ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আনহাতে অৰ্ণব গোস্বামীৰ এই অভিযোগো খাৰিজ কৰে যে গ্রেপ্তাৰৰ সময়ত তেওঁক শাৰীৰিক নিৰ্যাতন কৰা হৈছিল, এই অভিযোগ গোস্বামীয়ে কেবাবাৰো কৰিছিল।

গ্রেপ্তাৰৰ সময়ৰ ১৩ মিনিটের এটি ভিডিও ৰেকৰ্ডিঙত দেখা যায় যে পুলিছে সম্পাদকগৰাকীক অনুৰোধ কৰিছিল স্বেচ্ছাই গ্ৰেপ্তাৰ বৰণ কৰিবলৈ কিন্তু গোস্বামীয়ে বাৰে বাৰে বাধাহে প্ৰদান কিৰছিল ফলত শেষ পর্যন্ত পুলিছ কর্মীসকলে তেওঁক টানি নিবলৈ বাধ্য হয়।

বোম্বাই হাইকোর্টে আজি তেওঁৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব। গোস্বামীয়ে আজি জামিনৰ বাবেও আবেদন কৰিব, পুলিছ তথা মৃত নায়কৰ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰাৰ সম্ভৱনাই প্ৰবল। প্রায় মাজনিশা পৰ্যন্ত প্রায় ছয় ঘণ্টা অস্বাভাৱিক দীর্ঘ শুনানীৰ পিচত যোৱা ৰাতি গোস্বামীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

অৰ্ণব গোস্বামীৰ উকীলসকলে আদালতে পুলিছৰ জিম্মাৰ আবেদন প্রত্যাখ্যান কৰাটোক এক জয় হিচাবে উল্লেখ কৰিছে। ৰিপাব্লিক টিভিয়ে এক বিবৃতিত কয় যে, “অর্ণব গোস্বামীৰ গ্রেপ্তাৰ স্বাধীন সাংবাদিক আৰু নিউজ নেটৱর্কৰ বিৰুদ্ধে বৃহত্তৰ প্ৰতিশোমূলক অনুশীলন। এটি ভিত্তিহীন অভিযোগৰ সত্য ঘটনা প্রকাশ কৰাৰ বাবেই অর্ণব গোস্বামীক লাঞ্ছিত কৰি গ্রেপ্তাৰ কৰা হৈছে।”

কালি আগবেলা প্রায় সমস্ত ইউনিয়ন মন্ত্রীপৰিষদ অৰ্ণব গোস্বামীৰ সমর্থনত ওলাই আহিছিল, তেওঁলোকে অভিযোগ কৰে যে গোস্বামীৰ গ্রেপ্তাৰ জৰুৰীকালীন অবস্থাৰ স্মাৰক আৰু ই সংবাদপত্রৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ। এডিটৰ্চ গিল্ড অৱ ইণ্ডিয়া আৰু নিউজ ব্রডকাস্টাৰ্ছ এছোচিয়েশ্যনে এই গ্রেপ্তাৰৰ বিৰুদ্ধে মাত মাতিছে, আনহাতে মুম্বাই ভিত্তিক টিভিজেএ (টেলিভিশন সাংবাদিক সমিতি)য়ে কৈছে যে এই কেছটো এক ব্যক্তিগত বিষয় আৰু সাংবাদিকতাৰ সৈতে ইয়াৰ কোনে যোগসূত্র নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here