নগাওঁ কঠালগুৰিৰ নীলাপানী হ্ৰদত পুনৰ এজন যুৱক সন্ধানহীন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৭ নবেম্বৰ ২০ঃ বিগত সময়ত নগাঁও জিলাৰ কঠালগুৰিৰ নীলাপানীৰ হ্ৰদত কেইবাজনো যুৱকে মৃত্যুক সাৱটি লোৱাৰ পাছত ৬ নবেম্বৰৰ দিনা পুনৰ এজন যুৱক নীলাপানী হ্ৰদটোত সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ নগাওঁ  জিলাতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগাঁৱৰ টাউনৰ ইটাচালিৰ মণি দুৰ্গা এপাৰ্টমেন্টৰ অংশুমান হাজৰিকাৰ পুত্ৰ আয়ানভ হাজৰিকা(২৩) নামৰ যুৱকজন হ্ৰদটোত সাঁতুৰি থাকোতে সন্ধানহীন হয়৷

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ দল উপস্থিত হৈ সন্ধানহীন হোৱা যুৱকজনক উদ্ধাৰ কৰাৰ বাবে অভিযান চলাই যদিও আন্ধাৰ হোৱাৰ বাবে অভিযান বন্ধ কৰে আৰু  পিচদিনা পুনৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here