বি টি চিৰ পাঁচনৈ চেৰফাং সমষ্টিত বিজেপিৰ বিশাল জনসভাঃ বি টি চিত বিজেপিৰ চৰকাৰ হ’লে সকলো ভাৰতীয় নাগৰিকে মাটিৰ অধিকাৰ পাবঃ হিমন্ত বিশ্ব শৰ্মা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা জতীন নাথ, ৭ নবেম্বৰ ২০ঃ বি টি চিত আৰু এতিয়া নিৰ্বাচনৰ সময়ত খানা খুৱাই, ভয় – ভাবুকি দি ভোট আদায় কৰাৰ দিন উকলিল।

এতিয়া সময় সলনি হৈছে। আজি পোন্ধৰ বছৰে বি পি এফ দলটোৱে নিৰ্বাচনৰ সময়ত বি টি চিত বসবাস কৰা সকলো ৰাইজক নানান প্ৰলোভন দি সম-উন্নয়ন আৰু সম-অধিকাৰ দিম বুলি কৈ পিছত নিৰ্বাচন পাৰ হ’লেই ৰাইজক পাহৰি যায়।

বি টি চিত এতিয়া আৰু বি পি এফ দল কৰি লাভ নাই । বি পি এফৰ দিন উকলিল। বি টি চিৰ ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে।

বি টি চিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ মাজবাটৰ আই টি আই ৰাজহুৱা খেল পথাৰত ৬ নবেম্বৰত দিনৰ ১১ বজাত ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আৰু পাঁচনৈ চেৰফাং ব্লক বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা এখন বিশাল জনসভা সম্বোধন কৰি বি পি এফ দলক তীব্ৰ সমালোচনা কৰে নেদাৰ আহ্বায়ক তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ আৰু লগতে কয় যে বি টি চি চৰকাৰক কেন্দ্ৰীয় চৰকাৰে যিমান পুঁজি আৱন্তন দিছিল তাৰে আধাও উন্নয়ন নহ’ল।

নৰেন্দ্ৰ মোডী চৰকাৰে বি টি চিক এক হাজাৰ টকাৰ পেকেজ দিছিল অঞ্চলটোৰ উন্নয়নৰ বাবে। কিন্তু ৰাইজে বিচৰা ধৰণে কোনো উন্নয়ন নহ’ল।

নিৰ্বাচনৰ সময়ত নানান প্ৰলোভন দি বি পি এফে ভোট আদায় কৰে আৰু নিৰ্বাচনৰ পিচত প্ৰৱঞ্চণা কৰে। নিৰ্বাচনৰ পিছত বি টি চিৰ ৰাইজে মোলৈ হোৱাটচ-এপযোগে মেছেজ কৰি কয় যে, ছাৰ আমি নিৰ্বাচনত বি পি এফ দলকে ভোট দিছিলোঁ কিন্তু আমাক আজিলৈ মাটিৰ অধিকাৰ, চাকৰি-বাকৰি আদিৰ পৰা সম্পূৰ্ণ বঞ্চিত কৰি ৰাখিছে।

এই কথাবোৰ গম পোৱাৰ পিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে বি টি চিৰ উন্নয়ন আৰু সকলো জনগোষ্ঠীয়ে সম-অধিকাৰ পাব লাগিলে বি টি চিত বিজেপি দলৰ প্ৰয়োজন আছে।

যাৰবাবে এইবাৰ বি টি চি নিৰ্বাচনত বিজেপিয়ে পূৰ্ণ শক্তি প্ৰয়োগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি কয় নেদাৰ আহ্বায়কগৰাকীয়ে।

বি টি চিত এইবাৰ বিজেপিৰ চৰকাৰ হোৱাটো এশ সতাংশ নিশ্চিত আৰু পাঁচনৈ চেৰফাং সমষ্টিৰ প্ৰাৰ্থী দীপক মোৰৰ বিজয় আজিৰ এই বিশাল সভাত আপোনালোকৰ উপস্থিতিয়ে নিশ্চিত কৰিলে।

বিজেপিৰ চৰকাৰ হ’লে অঞ্চলটোত আজি পোন্ধৰ বছৰে উন্নয়নৰ পৰা বঞ্চিত হৈ থকা বড়ো জনগোষ্ঠীৰ লগতে অঞ্চলটোত পূৰ্বৰে পৰা বসবাস কৰা সকলো ভাৰতীয় নাগৰিকে মাটিৰ অধিকাৰকে ধৰি সকলো অধিকাৰ পাব বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে বি পি এফ দলক কটাক্ষ কৰি সভাত উপস্থিত ৰাইজক কয় যে বি পি এফ দলে নিৰ্বাচনৰ সময়ত টকা বিলোৱাত ভাল।

তেওঁলোকে আহি আপোনালোকক টকা যাচিলে গ্ৰহণ কৰিব কিন্তু ভোট নিদিব। সেয়া আপোনালোকৰে নামত অহা টকা।

বি পি এফক ভোট দি আৰু পাছ বছৰ মাটিৰ অধিকাৰ, চাকৰি-বাকৰিৰ পৰা বঞ্চিত লাগিব আপোনালোকে।

ভাষণ প্ৰসংগত নেদাৰ আহ্বায়ক গৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা কোৱাৰ লগতে চাহ বাগিচাৰ সকলো পথ পকীকৰণ কৰা হ’ব বুলি কয়।

মাজবাট সমষ্টিৰ ১৬ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত কৰি মাহে ৮৫০ টকাকৈ দিয়া হ’ব বুলিও কয়।

সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ অনুৰোধ ৰক্ষা কৰি এতিয়াৰে পৰা গোৰ্খা আৰু বেংগলী জনগোষ্ঠীয়ে পালন কৰি অহা ‘ভাইফোটা’ পৰৱৰ দিনটোত চৰকাৰী বন্ধ পালন কৰা হ’ব বুলি ঘোষণা কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে তেওঁৰ ভাষণত কয় যে আমি তিনি বছৰ আগতে বি টি চি দখল কৰাৰ কথা কৈছিলোঁ।

তেতিয়া আমাৰ কথাত সকলোৱে হাঁহিছিল আৰু ঠাট্টা কৰিছিল। ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে হাগ্ৰামা মহিলাৰীয়ে কিছুদিন আগতে সংবাদ মাধ্যমৰ আগত বি টি চি নিৰ্বাচনৰ পিছত কাক কেনেকৈ গল দিব বুলি কোৱা কথাৰ উত্তৰত কয় যে বিজেপি দল ফুটবল খেলৰ ভাল গল কিপাৰ।

কেনেকৈ বিপক্ষৰ গল ৰক্ষা কৰিব লাগে তাক ভালদৰে জানে আৰু ওলোটাই গল দিবলৈও জানে। সভাত মংগলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াও ভাষণ ৰাখে।

এই জনসভাত তেজপুৰ লোকসভাৰ সাংসদ পল্লৱলোচন দাস, বৰ্ছলা সমষ্টিৰ বিধায়ক গনেশ লিম্বু, ৰৌতা, ধনশ্ৰী, ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলৰ লগতে পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দীপক মোৰ উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here