আল্লিয়া হাইস্কুলত আছু গোট গঠন

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৯ নৱেম্বৰ ২০ঃ সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক ছাত্র সন্থাই আজি পশ্চিম বনভাগ আল্লিয়া হাইস্কুলত আছু গোট গঠন কৰে।

আল্লিয়া হাইস্কুুলত আল্লিয়া আঞ্চলিক ছাত্র সন্থাই এখন সভা অনুষ্ঠিত কৰে।

আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাসে সভাপতিত্ব কৰা সভাখনৰ আঁতধৰে আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে।

সভাত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মিলন দাস উপস্থিত থাকি আছুৰ দৃষ্টিভংগী ব্যাখ্যা কৰে।

ছাত্র-ছাত্রী আছুৰ মজিয়াত থাকিলে শিকিব পাৰে বুলি বক্তব্য আগবঢ়ায়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ সহকাৰী সম্পাদিকা সাগৰিকা কলিতাই ছাত্র-ছাত্রীক অধ্যয়নৰ লগতে আছুৰ মজিয়াত কাম কৰিৱলৈ আহ্বান জনোৱা সভাখনত হিমাংশু কলিতাক উপদেষ্টা,ৰাহুল দাসক সভাপতি আৰু সুমন চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ২০ জনীয়া এখন সমিতি গঠন কৰা হয়।

সভাপতিৰ বক্তৱ্যত আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাসে সকলো ছাত্র-ছাত্রীকে নিষ্ঠা আৰু সততাৰে ছাত্র সন্থাৰ মজিয়াত কাম কৰিবলৈ আহ্বান জনায়!

অধ্যয়ন আৰু সংগ্রাম একেলগে আগবঢ়ায় নিব লাগিব বুলি মন্তৱ্য কৰি সভাপতিয়ে ছাত্র-ছাত্রীসকলক শপত বাক্য পাঠ কৰায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here